NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত চি পি আই (এম) কৰ্মীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 2:23 pm
Story-3-1-1140x570

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ কালচি অঞ্চলত সোমবাৰে এগৰাকী চি পি আই (এম) কৰ্মীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যদিও মৃতদেহটোৰ শৰীৰত কোনোধৰণৰ আঘাতৰ দাগ বা তেজৰ চেকুৰা নাই তথাপি মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

আৰক্ষীয়ে এইপৰ্যন্ত ঘটনা সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি কয়।

মৃত্যু হোৱা মহিলা গৰাকী ৩২ বছৰীয়া থাইকায়ুক ম’গ বুলি চিনাক্ত কৰা হয় আৰু তেওঁ স্থানীয় পঞ্চায়তৰ এগৰাকী প্ৰতিনিধি আছিল আৰু তেওঁৰ স্বামী চি পি আই (এম) কৰ্মী।

জানিব পৰা মতে, সোমবাৰে ৰাতিপুৱা মহিলা গৰাকীয়ে ওচৰতে থকা হাবিলৈ গৈছিল আৰু সন্ধিয়া পৰ্যন্ত তেওঁ উভতি নহাত স্থানীয় লোকে বিচাৰ খোচাৰ কৰাত মহিলা গৰাকীৰ মৃতদেহটো উদ্ধাৰ হয়।

ত্ৰিপুৰা আৰক্ষীৰ এটা দলে স্নিফাৰ ড’গৰ সহায়ত উক্ত অঞ্চলটোত অভিযান চলাই আৰু হেৰেন্তা ত্ৰিপুৰা নামৰ এজন লোকক আটক কৰে।