NORTHEAST NOW (Assamese)
অসম

পৰ্য্যটকৰ অপেক্ষাত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 7:31 pm
Siachen open to tourists rajnath singh

বিশ্বৰ সৰ্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্ৰ চিয়াচেন অঞ্চলক পৰ্য্যটকৰ বাবে মুকলি কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে লাদাখত চীন সীমান্তৰ চিয়ক নৈৰ ওপৰত “কৰ্নেল চেৱাং ৰিনচেং” দলং মুকলি কৰি এই কথা ঘোষণা কৰিছে।

“চিয়াচেন এতিয়া পৰ্য্যটক আৰু পৰ্য্যটনৰ বাবে উমুক্ত। চিয়াচেন বে’চ কেম্প (১২,৩০০ ফুট উচ্চতা)ৰ পৰা কুমাৰ প’ষ্টলৈকে এই গোটেই এলেকাটো পৰ্য্যটনৰ কাৰণে মুকলি কৰা হৈছে,” সিঙে কয়।

তেওঁ লগতে কয় যে ইয়াৰ ফলত লাদাখ অঞ্চলত পৰ্য্যটনে দ্ৰুত বিকাশ লাভ কৰিব।

কেন্দ্ৰই জম্মু-কাশ্মীৰত প্ৰযোজ্য সংবিধানৰ ৩৭০ধাৰা গুচাই লাদাখক সুকীয়া কেন্দ্ৰীয় শাসিত প্ৰদেশৰূপে ঘোষণা কৰাৰ পিছতে চিয়াচেনক পৰ্য্যটনৰ বাবে মুকলি কৰাৰ কথা কৈছিল।

ইয়াৰ পূৰ্বেও ২০০৭ চনত চিয়াচেনত অসামৰিক লোকৰ বাবে ট্ৰেকিং আৰম্ভ কৰা হৈছিল আৰু কিছু বছৰ আগলৈকে চলি আছিল।

১৯৮৪ চনৰ পৰা চিয়াচেন গ্লেছিয়াৰক লৈ ভাৰতৰ সৈতে বিবাদত থকা পাকিস্তানে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল।

সেনা সূত্ৰমতে, অহা বছৰ মে’ৰ পৰা অঞ্চলটো পৰ্য্যটকৰ আগমনৰ বাবে খুলি দিয়া হ’ব। ট্ৰেকিং কৰিবলৈ যোৱা পৰ্য্যটকসকলক ভাৰতীয় সেনাই তদাৰকী কৰিব।

চিয়াচেন বে’চ কেম্পৰ পৰা কুমাৰ প’ষ্টলৈকে অঞ্চলচোৱাৰ দূৰত্ব ৫৬ কি.মি. আৰু পথচোৱাত ট্ৰেকিং কৰিবলৈ সময় লাগে প্ৰায় ৪ দিন।

অ-মেৰু অঞ্চলৰ সৰ্ববৃ্হৎ হিমপ্ৰৱাহ চিয়াচেন ভাৰত-পাকিস্তান সীমাত জনশূন্য কিন্তু ৰণনীতিগতভাৱে অতি গুৰুত্বপূৰ্ণ এটা অঞ্চল।

ভাৰতীয় সেনাই অপাৰেচন মেঘদূতৰ জৰিয়তে ১৯৮৪ চনত সম্পূৰ্ণ চিয়াচেনত দখল সাব্যস্ত কৰিছিল।

যুদ্ধতকৈয়ো অসহনীয় জলবায়ুজনিত প্ৰতিকূলতাই চিয়াচেনত অধিক সৈন্যৰ প্ৰাণ লৈছে।