NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনত সময়ত মাচুল নিদিয়াৰ বাবেই ছাত্ৰ-ছাত্ৰীক পণবন্দী

Posted by: এন ই নাও নিউজ June 26, 2018 7:53 pm
BorpetaRoadSankarDevShishuNiketan

অভিভাৱকে সময়ত মাচুল দিব নোৱৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে বৰপেটাৰোডত। বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰামতে বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্ভুক্ত বিদ্যালয়খনত ছমহীয়া পৰীক্ষাৰ পূৰ্বে সকলো অভিভাৱকক জুন মাহ পৰ্য্যন্ত মাচুল আদায় দিবলৈ জনোৱা হৈছিল, যদিও তাৰ পিছতো ভালে সংখ্যক অভিভাৱকে মাচুল আদায় দিব পৰা নাছিল।

কিন্তু সেই কাৰণতে বিদ্যালয় কৰ্তৃপক্ষই এই মাচুল অনাদায় থকা ছাত্ৰ-ছাত্ৰীসকলক আজিৰ পৰা অনুষ্ঠিত ছমহীয়া পৰীক্ষাত বহিবলৈ দিয়া নহ’ব বুলি বাহিৰত এখন ব’ৰ্ডত জাননী দিয়ে। কেৱল সেয়াই নহয়, এই ছাত্ৰী-ছাত্ৰীসকলক এটা সুকীয়া কোঠাত ভৰাই আবদ্ধ কৰি ৰখা হয় আৰু বাকীসকলৰ পৰীক্ষা লোৱা হয়।

তাৰ ফলত অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হয়। পিছত অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পৰিণতিত এঘন্টা পলমকৈ তেওঁলোকক পৰীক্ষা দিবলৈ দিয়া হয়৷

আনহাতে এই লৈ বিদ্যালয়খনৰ বাহিৰতো আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বেচৰকাৰী বিদ্যালয়ে মাচুলৰ নামত এইদৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলিব পৰাটোৱে চৰকাৰৰ এই সম্পৰ্কীয় সুস্পষ্ট নীতি নথকাটোকে সূচায় বুলি কয় সচেতন নাগৰিকসকলে।

“শিক্ষাবৰ্ষ শেষ হোৱা নাই নহয় যে এই অভিভাৱকসকলে মাচুল নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক পণবন্দী কৰিব লাগিব। কিবা অসুবিধা থাকিব পাৰে। পৰীক্ষাৰ বহী বা নম্বৰ নিদিয়াকৈ ৰখাই থোৱাৰ ব্যৱস্থাটোও ল’ব পাৰিলে হেঁতেন বিদ্যালয় কৰ্তৃপক্ষই।” এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক বিদ্যালয়খনৰে এজন অভিভাৱকে।