NORTHEAST NOW (Assamese)
অসম

চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে ঠগাৰ অভিযোগত এজনক কাৰাগাৰলৈ প্ৰেৰণ

Posted by: মুকুট দাস June 26, 2018 8:05 pm
Nabajyoti Bezbaruah

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে ঠগাৰ অভিযোগত নৱজ্যোতি বেজবৰুৱা নামৰ এজনক কামৰূপ জিলা ন্যায়াধীশে আজি ২৬ জুনত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

নৱজ্যোতি ওৰফে গণেশ বুলি চিনাক্ত কৰা ৩৮ বছৰীয়া অভিযুক্ত ঠগজনক আৰক্ষীয়ে শিলপুখুৰীৰ নৱগ্ৰহৰ পৰা আটক কৰিছিল। তেওঁৰ ঘৰো নৱগ্ৰহতে।

‘তেওঁ এজন ম’ষ্ট ৱণ্টেড অপৰাধী। চৰকাৰী চাকৰিৰ লোভ দি তেওঁ ঠগি আহিছিল,’ নৰ্থ ইষ্ট নাও-ক জনালে চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন চন্দ্ৰ ডেকাই।

‘২০১২ চনৰ পৰা তেখেতৰ বিৰুদ্ধে মুঠ ১১খন গ্ৰেপ্তাৰী পৰোৱানা আছিল। চানমাৰি থানাতো তেখেতৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছিল,’ ক’লে ডেকাই।

অভিযুক্তজনৰ বিৰুদ্ধে চানমাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪২০ ধাৰাৰ অধীনত ৭২/১৮ আৰু ৫৫৯/১৮ দুটা গোচৰ ৰুজু হৈছে।