NORTHEAST NOW (Assamese)
অসম

বিজুলীবিহীন গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লত নিশা সহস্ৰাধিক যাত্ৰীৰ হাহাকাৰ

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা June 18, 2019 6:40 am
VideoCapture_20190617-215118

ৰাজ্যত কিমান সুৰক্ষিত ৰেল যাত্ৰী? প্ৰকৃততে নিশা ৰে’ল যাত্ৰাৰ বাবে সুৰক্ষিতনে মহিলা তথা শিশু যাত্ৰী? সোমাবাৰে নিশা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ ৰে’লত সংঘটিত এটি বিশেষ ঘটনাৰ বিষয়ে অৱগত হ’লে হয়তো আপুনিও অনুভৱ কৰিব পাৰিব প্ৰকৃততে ৰে’ল মন্ত্ৰালয়ে দাবী কৰি অহাৰ ধৰণৰে সুৰক্ষিত হোৱা নাই ৰে’ল যাত্ৰা, বিশেষকৈ মহিলা আৰু শিশুৰ বাবে।

সোমাবাৰে গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’ল খনত নিশা পোহৰ নোহোৱাৰ বাবে হাহাকাৰ লাগিল যাত্ৰী সকলৰ মাজত।

VideoCapture_20190617-214949
ফটো : নৰ্থইষ্ট নাও

প্ৰায় পাঁচ বজাত গুৱাহাটী এৰা ৰে’লখনত বিজুলীবাতিৰ সংযোগ অতি উদ্বেগজনক ভাবে ব্যাহত হোৱাৰ বাবে গুৱাহাটীৰ পৰা চামগুৰি পৰ্য্যন্ত অন্ধকাৰছন্ন হৈ আহিল ৰে’লখনৰ প্ৰায় দহটাকৈ ডবা। চৰম বিপদ আশংকাৰ মাজত যাত্ৰা কৰিবলৈ বাধ্য হ’ল শিশু আৰু মহিলাসহ প্ৰায় সহস্ৰাধিক যাত্ৰীয়ে।

আনহাতে, দৈনিক একাধিক মহিলা যাত্ৰীয়ে পৰিভ্ৰমণ কৰা ৰে’লখনৰ প্ৰায় বোৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰ তথৈবচ অৱস্থাৰ লগতে ক্ষুব্ধ ৰে’ল যাত্ৰী সকলে ৰে’ল যাত্ৰীৰ সুৰক্ষাক চৰম উপলুঙা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংশ্লিষ্ট ৰে’ল বিভাগৰ বিৰুদ্ধে।