NORTHEAST NOW (Assamese)
দেশ

হিন্দু-মুছলিম শ্ল’গান নহয়, নিৰ্বাচনী সভাত নিযুক্তিৰ দাবীৰ সন্মুখীন প্ৰতিৰক্ষা মন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2022 8:47 pm
Uttar Pradesh poll

ইচ্ছ্যু এইবাৰ ৰাম মন্দিৰ, লভ জেহাদ, গো-মাতা কিম্বা হিন্দু-মুছলিম নহয়; উত্তৰ প্ৰদেশত এইবাৰ নিবনুৱাৰ ইচ্ছ্যুৱে মুখ্য স্থান লাভ কৰিছে।

যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে যোৱা শাসন কালত ৰাম মন্দিৰ, লভ জেহাদ, গো-মাতা কিম্বা হিন্দু-মুছলিমৰ কথাৰেই জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰখাৰ পিছত এইবাৰ এই মোহৰ পৰা মুক্ত হৈছে ৰাজ্যখনৰ যুৱ চাম।

নিযুক্তিৰ পৰা বঞ্চিত হৈ ক্ষোভিত হৈ পৰিছে নিবনুৱা যুৱ প্ৰজন্ম। আজি এই ক্ষোভৰ বহি: প্ৰকাশ ঘটিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাগ লোৱা এখন নিৰ্বাচনী সভাত।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্বাচনী ভাষণ আৰম্ভ কৰিবলৈ সাজু হওঁতেই মঞ্চৰ সন্মুখৰ পৰা আন্দোলিত হয় নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত তথা অতিষ্ঠ যুৱ প্ৰজন্মৰ নিযুক্তি দাবীৰ শ্ল’গান।

“সেনাত নিযুক্তি আৰম্ভ কৰক”, “আমাৰ দাবী পূৰণ কৰক” আদি শ্ল’গানেৰে নিৰ্বাচনী সভা উত্তাল কৰি তোলে যুৱ চামে।

এই অনাকাঙ্ক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ ৰাজনাথ সিঙে প্ৰতিবাদকাৰী যুৱকসকলক শান্ত কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে উত্তৰ প্ৰদেশত শাসনাধিষ্ঠ বিজেপি দল এইবাৰ তীব্ৰ প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’ব বুলি সন্দেহ কৰা হৈছে।

বিশেষকৈ সমাজবাদী পাৰ্টিয়ে এইবাৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ হৈ গৈছে।