NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ দুই যুৱতীৰ আলফা (স্বাধীন) ত যোগদান: নিশ্চিত কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2022 8:15 pm
ULFA-Independent

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই গুৱাহাটীৰ দুগৰাকী যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ত যোগদান কৰাৰ খবৰ নিশ্চিত কৰিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ভাস্কৰজ্যোতি মহন্তই কয় যে কেৱল এই দুগৰাকী যুৱতীয়েই নহয়, যোৱা কেইমাহমানত কেইবাজনো যুৱক-যুৱতীয়ে আলফাত যোগদান কৰিছে।

ইতিমধ্যে দুয়োগৰাকী যুৱতী ম্যানমাৰৰ আলফা (স্বাধীন) ৰ শিবিৰত উপস্থিত হোৱা বুলি সন্দেহ কৰা হৈছে।

মহানগৰৰ উজান বজাৰৰ খাৰগুলীৰ দুয়োগৰাকী যুৱতীয়ে আলফাত যোগদান কৰিছে বুলি সন্দেহ কৰা হৈছিল।

জানিব পৰা মতে যুৱতী দুগৰাকীয়ে ১৫ ফেব্ৰুৱাৰীত কিছু কামৰ বাবে ডিব্ৰুগড়লৈ যাব বুলি পৰিয়ালক অৱগত কৰি ওলাই গৈছিল।

কিন্তু, তেওঁলোক যোৱাৰ পিছতে পৰিয়ালৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল।

ইয়াৰ পিছতে দুয়ো যুৱতী বুধবাৰে আলফাৰ শিবিৰত উপস্থিত হৈছিল বুলি খবৰ পোৱা গৈছিল।

সৰস্বতী দাস আৰু ৰুমি ডেকা নামৰ যুৱতী দুগৰাকীয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল।

তেওঁলোকে নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৰ এজন শীৰ্ষ নেতাৰ অধীনত আলফা- স্বাধীনত যোগদান কৰিছিল বুলি সন্দেহ কৰা হৈছে।