NORTHEAST NOW (Assamese)
অসম

ফলাফল ঘোষণাৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত বিসম্বাদ; ৰিপুন বৰাৰ বিৰুদ্ধে ১৩ গৰাকী জ্যেষ্ঠ নেতাৰ ৰাহুল গান্ধীলৈ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2019 6:58 pm
24-04-19-Guwahati-Ripun-Borah-press-conference-4-1140x570

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কৰ্ণাটকৰ পাছত এইবাৰ বিসম্বাদ আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছত।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে দলৰ ৰা্ষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক অভিযোগ প্ৰেৰণ কৰিছে অসমৰ ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মা, আব্দুল হামিদ, বলীন কুলি, ললিত মোহন শুক্লবৈদ্য, নুৰ জামাল চৰকাৰ, মঞ্জুশ্ৰী পাঠক, ৰমেন বৰঠাকুৰ, ৰমানন্দ দাস, এম এইচ চৌধাৰী, অৰুণ দত্ত মজুমদাৰ, পাৰ্থ প্ৰতিম বৰা, সুদীপ ঘোষ আৰু সন্দ্বীপ শৰ্মাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে ভেনুগোপালৰ জৰিয়তে ৰাহুল গান্ধীলৈ অভিযোগ পত্ৰখন প্ৰেৰণ কৰে।

আনহাতে, ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰখনত লোকসভা নিৰ্বাচনত টিকত বিতৰণৰ ক্ষেত্ৰত ৰিপুন বৰাই ব্যাপক ধনৰ লেনদেন কৰা, এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পৰা ধন লোৱা আদি অভিযোগ উত্থাপন কৰিছে।

তদুপৰি, ক্ষুব্ধ কংগ্ৰেছী জ্যেষ্ঠ নেতাকেইগৰাকীয়ে অসমত ৰিপুন বৰাৰ ভাৱমুৰ্তি অতি বেয়া বুলি উল্লেখ কৰি শীঘ্ৰে বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে, অসমৰ পূৰ্বে কৰ্ণাটকতো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এগৰাকীয়ে মুকলিকৈ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।