NORTHEAST NOW (Assamese)
অসম

কাইলৈ ড্ৰাই ডে’ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 22, 2019 7:39 pm

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ দিনটো ড্ৰাই ডে’ ঘোষণা কৰিছে। কাইলৈ জিলাখনৰ সকলোধৰণৰ সুৰাৰ বিপনী, বাৰ, ৱেৰহাউছ বন্ধ ৰাখিবৰ বাবে কামৰূপ মহাগৰ জিলা উপায়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে। আনহাতে গোপনে চলোৱা সুৰা ব্যৱসায়ৰ ওপৰত জিলা প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিব বুলি জানিব দিয়ে।

মন কৰিবলগীয়া যে, ৰাজ্যত অনুষ্ঠিত হৈ যোৱা তিনি পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পাছত কাইলৈ ভোটগণনা প্ৰক্ৰিয়া আৰু ফলাফল ঘোষণা শান্তিপূৰ্ণভাৱে হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে।

ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ সুৰা বিপনী বন্ধ থাকিব।

উল্লেখযোগ্য যে যোৱা ১৮ আৰু ২১ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত ক্ৰমে ১৬’ৰ পৰা ১৮ এপ্ৰিল আৰু ২১ৰ পৰা ২৩ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা কৰিছিল।