NORTHEAST NOW (Assamese)
Popular Stories

২৪ দিনত ৯০ খন প্ৰমাণপত্ৰ : উত্তৰ লখিমপুৰৰ স্কুলীয়া ছাত্ৰই গঢ়িলে বিশ্ব অভিলেখ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ July 22, 2020 5:17 pm

নাম তেওঁৰ কাৰ্তিকায়ন কাশ্যপ। উত্তৰ লখিমপুৰৰ ছেইন্ট মেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকায়নে শেহতীয়াকৈ গঢ়িবলৈ সক্ষম হৈছে এক বিশ্ব অভিলেখ।

মাত্ৰ ২৪ দিনত অনলাইন যোগে অনুষ্ঠিত বিভিন্ন কুইজ আৰু আন প্ৰতিযোগিতাত ভাগ লৈ কাৰ্তিকায়নে অৰ্জন কৰিবলৈ সক্ষম হৈছে ৯০ খনকৈ প্ৰমাণ পত্ৰ।

কাৰ্তিকায়নে এনেদৰে ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ২৪ দিনতে ৯০ খন প্ৰমাণ পত্ৰ লাভ কৰি ইন্টাৰনেছনেল বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।

ছাত্ৰ গৰাকীৰ এনে সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে জিলাখনৰ বাসিন্দা সকল।

লকডাউনৰ সময়ত কাৰ্তিকায়নে গঢ়া এনে অভিলেখৰ জৰিয়তে তেওঁ ৰাজস্থানৰ দেশ কুমাৰ প্ৰজাপতিয়ে গঢ়া পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে  ৰাজস্থানৰ দেশ কুমাৰ প্ৰজাপতিয়ে ৬০ দিনত ৮৮ খন প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

কাৰ্তিকায়নে লগতে ৩৬ দিনত বিভিন্ন অনলাইন প্ৰতিযোগিতাত ২৫০ খন প্ৰমাণ পত্ৰ লাভ কৰি গোল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ,ইউনিভাৰ্ছেল এচিভাৰ্ছ বুক অৱ ৰেকৰ্ডছ, লিমকা বুক অৱ ৰেকৰ্ডছ,বেষ্ট অৱ ইণ্ডিয়া ৰেকৰ্ডছ,অনলাইন বুক অৱ ৰেকৰ্ডছ,ইণ্ডিয়ান এচিভাৰ্ছ বুক অৱ ৰেকৰ্ডছ আদিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে।