NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লক কন্টেইনমেন্ট জ’ন ঘোষণা : কৰ্মচাৰী আক্ৰান্ত কোভিড১৯ত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 22, 2020 5:00 pm
IMG-20200722-WA0013

ক’ৰ’ণা মহামাৰীৰ বাবে পুনৰ বন্ধ হ’ল ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা। এইবাৰ কন্টেইনমেন্ট জ’ন হ’ল শিৱসাগৰৰ শিৱদ’ল চৌহদ।

শিৱ পূজাৰ বাবে পবিত্ৰ এই শাওন মাহ। পিছে বিগত বছৰৰ দৰে নহয় এইবাৰৰ শাওন মাহৰ দৌল প্ৰাংগন।হৰি নামৰ ধ্বনিয়ে মুখৰিত হৈ থকা নাই শাওন মাহত শিৱ দ’ল।

আজি শিৱসাগৰ জিলাৰ প্ৰশাসনে সমগ্ৰ্ দ’ল চৌহদতো কন্টেইমেন জ’ন হিচাপে ঘোষণা কৰে।

জানিব পৰা মতে মংগলবাৰে বিয়লি দৌল চৌহদত কৰ্মৰত সঞ্জীৱ দাস নামৰ ব্যক্তি জনৰ শৰীৰত কোভিদ১৯ পজিটিভ ধৰা পৰে। যাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে শিৱদৌল, দেৱী দ’ল, বিষ্ণু দলৰ চৌহদ কন্টেইমেন জ’ন ঘোষণা কৰে।

আনহাতে সঞ্জীৱ দাসৰ বাসগৃহ যমুনা ৰ’দৰ নিউ কলনী অঞ্চলতো কন্টেইমেন জ’ন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, ক’ৰ’ণা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পৱিত্ৰ শাওন মাহত শিৱদলত ব’ল বম অনুষ্ঠিত কৰা নাছিল দৌল উন্নয়ন সমিতিয়ে।

এতিয়া শাওন মাহতেই শিৱদ’লক কন্টেইমেন জ’ন ঘোষণা কৰাত শিৱ ভক্তৰ মাজত হতাশাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

কিয়নো কন্টেইমেন জ’ন ঘোষণা কৰাৰ পিছত এই শাওন মাহত প্ৰৱেশ কৰিব নোৱাৰে শিৱ ভক্তই শিৱদ’লত।

ইফালে ৰিজু ৰহমানৰ নেতৃত্বত শিৱসাগৰ পৌৰসভাই শিৱদ’ল, দেৱী দ’ল,বিষ্ণু দল চৌহদত চেনিটাইজাৰ কৰে।