NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2021 6:45 am
Coronavirus-1-750x375

Covid Update শনিবাৰৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে থকাৰ লগতে সুস্থতাৰ হাৰো আশাব্যঞ্জক বুলি ক’ব পাৰি।

ৰাজ্যখনত ২৪ ঘন্টাত সৰ্বমুঠ ৩৩,২১০ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ২২১ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে।

কামৰূপ মেট্ৰ’ত এই দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৯৭ গৰাকী।

আনহাতে, শনিবাৰে কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৬৭ শতাংশ।

সেইদৰে ৰাজ্যত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈ ৪ গৰাকী লোকৰ মৃত্যু হৈছে।

শনিবাৰৰ দিনটোত ৰাজ্যত ৰাজ্যত কোভিড ৰোগীৰ সুস্থতাৰ হাৰ হৈছে ৯৮.৪ শতাংশ।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নুই কৰি আহিছে।

তদুপৰি, ৰাজ্য চৰকাৰে সকলো কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।