NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত কম্পিউটাৰ ছায়েন্সৰ সহকাৰী অধ্যাপকৰ পদ খালী,সাক্ষাৎকাৰৰ দিন কেতিয়া?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 13, 2021 9:33 pm

আপুনি যদি এখন আগশাৰীৰ ফাৰ্মাচিউটিকেল শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষকতা কৰিব বিচাৰিছে তেন্তে সেই সুবৰ্ণ সুযোগ আপোনাৰ বাবে লৈ আহিছে গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সে।

গুৱাহাটীৰ আজাৰাত থকা ৰাজ্যৰ অগ্ৰনী ফাৰ্মাচিউটিকেল শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত  খালী হৈছে কম্পিউটাৰ ছায়েন্সৰ সহকাৰী অধ্যাপকৰ এটা পদ।

পদটোৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থী AICTE স্বীকৃতি প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ছায়েন্স ইঞ্জিনীয়াৰিঙৰ এম-টেক ডিগ্ৰী গ্ৰহণ কৰা হ’ব লাগিব।

প্ৰাৰ্থীৰ কমেও ২ বছৰ বা ততোধিক সময়ৰ বাবে সংশ্লিষ্ট বিষয়ত শিক্ষাদান কৰাৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়।

আগ্ৰহী প্ৰাৰ্থীয়ে শেহতীয়া বায়’দাতাৰ লগতে সকলো শৈক্ষিক নথি-পত্ৰৰ প্ৰত্যায়িত কপিৰ সৈতে গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত নিৰ্ধাৰিত দিনত সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব লাগিব।

সাক্ষাৎকাৰৰ তাৰিখ ১৭-১১-২০২১, সময়-দিনৰ ১২ বজা।

উক্ত দিনটোত প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ দিনৰ ১১-৩০ বজাত আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত আহি উপস্থিত হ’ব লাগিব।