NORTHEAST NOW (Assamese)
অসম

চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ কোকৰাঝাৰ আৰক্ষী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 6, 2020 8:08 pm

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু চৰকাৰে সুৰক্ষাৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কোকৰাঝাৰ আৰক্ষী।

কোকৰাঝাৰ যান-বাহন আৰক্ষীয়ে মাস্ক, হেলমেট আৰু দুচকীয়া বাহনত দুজন অহা লোকৰ বিৰুদ্ধে আজি জৰিমনা বিহে।

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে ৫০০ টকা, হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে ১০০০ টকা আৰু দুটকীয়া বাহনত দুজন অহা লোকৰ বিৰুদ্ধে ২০০০ টকাকৈ জৰিমনা সংগ্ৰহ কৰে।

কোকৰাঝাৰ যান-বাহন আৰক্ষীৰ বিষয়া গিয়াছুদ্দিন আহমেদে জনোৱা অনুসৰি সুৰক্ষাৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি-নিয়ম উলংঘাকাৰীৰ পৰা এই পৰ্যন্ত ৩ লাখৰো অধিক টকা সংগ্ৰহ কৰিছে।

জুন মাহত ১ লাখ ৯৫ হাজাৰ আৰু  জুলাই মাহত এই পৰ্যন্ত ১ লাখ ৩০ হাজাৰৰো অধিক টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে বুলি আহমেদে জনায়।

একাংশ লোকে ক’ৰ’নাক লৈ সতৰ্ক নহয় বুলি উল্লেখ কৰি আহমেদে সংবাদ মাধ্যমৰ আগত কয়, ‍‘জৰিমনা বিহাৰ উপৰি আমি ক’ৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈকে সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো গুৰুত্বপূৰ্ণ বুলিও সজাগ কৰাৰ চেষ্টা চলাই আছো’।