NORTHEAST NOW (Assamese)
অসম

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ মাত্ৰ ১.১ শতাংশহে আছে ভেন্টিলেটৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 6:58 am
For-COVID-19-Patients-Breathing-Easier-Could-Be-as-Simple-as-Flipping-Over-400x241

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ ভিতৰত ভেন্টিলেটৰত থকা ৰোগীৰ শতকৰা হাৰ মাত্ৰ ১.১শতাংশ।

তদুপৰি, আক্ৰান্তৰ ভিতৰত ইনটেনচিভ কেয়াৰ য়ুনিট (ICU)ত আছে ৪.৭শতাংশ ৰোগী।

ভাৰতত মুঠতে কৰ’না আক্ৰান্ত ৰোগীৰ মাত্ৰ ৩.২ শতাংশ ৰোগীক অক্সিজেন ছাপোৰ্ট চিষ্টেমত ৰখা হৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যণ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা এই তথ্য সদৰী কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লিলৈকে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৫৬ হাজাৰ ৩৪২জন।

ইয়াৰ ভিতৰত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১৬,৫৪০জন। সুস্থতাৰ এই হাৰ হৈছে ২৯.৩৬শতাংশ।

আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

শুকুৰবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, দেশৰ ২১৬খন জিলা ক’ৰনামুক্ত হৈ আছে।

বিগত ২৮দিনত ৪২খন জিলাত নতুনকৈ কোনো কৰ’নাৰ সংক্ৰমণ ঘটা নাই।

সেইদৰে ২৯খন জিলাত বিগত ২১ দিনত ২৯খন জিলাত আৰু বিগত ১৪দিনত ৩৬খন জিলাত কোনো কোভিড-১৯ পজিটিভ ধৰা পৰা নাই।