NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; অ’মিক্ৰণক লৈ আতংকিত নহ’বলৈ আহ্বান WHOৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2021 11:24 am
covid-vaccine_202108215775

Covid-19 Update দেশত অ’মিক্ৰনৰ আশংকা চলি থকাৰ মাজতে ক্ৰমে নিম্নগামী হৈছে কৰ’নাৰ দৈনিক সংক্ৰমণআনহাতে, ’মিক্ৰণক লৈ কোনো অতিৰিক্ত আতংকৰ কাৰণ নাই বুলি স্পষ্ট কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

WHO ৰ দক্ষিণ পূব এছিয়াৰ সঞ্চালক পুনম ক্ষেত্ৰপালে জানিবলৈ দিয়ে যে নতুন ভেৰিয়েন্টৰ সংক্ৰমণ ঘটিলেও কৰ’নাৰ ভাৰতত তৃতীয় ঢৌৰ আশংকাৰ কোনো কাৰণ নাই।   

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৭৭৪ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৯৯২ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩০৬জন লোকৰ মৃত্যু হৈছে। শনিবাৰে দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৯৩ জন লোকৰ মৃত্যু হৈছিল দেশত বৰ্তমান মৃত্যুৰ হাৰ হৈছে ১.৩৭শতাংশ।

Also Read: Kacha Badam Viral Story: ‘কাচা বাদাম’ গান গাই ভাইৰেল ভুৱন; শীৰ্ষত কীৰ্তি, বন্ধ হ’ল বিক্ৰী, এতিয়া পিচে কি?  

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৫ হাজাৰ ৪৩৪জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৪৬৪ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ২২ হাজাৰ ৭৯৫জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯ হাজাৰ ২৮১জন।

বৰ্তমানলৈ দেশত প্ৰায় ১৩২ কোটি  ৯৩লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮৯ লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

Also Read:‘আজাদি কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি মেট ৰিক্ৰিয়েচন ক্লাবৰ মাৰাথন দৌৰ প্ৰতিযোগিতা

সেইদৰে বিগত ২৪ ঘন্টাত ১ লাখ ৮৯হাজাৰ ৪৫৯জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে দেশত মুঠ ৩৩জন অ’মিক্ৰণ আক্ৰান্ত ধৰা পৰিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।