NORTHEAST NOW (Assamese)
অসম

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ইছমাইল হুছেইন গ্ৰন্থমেলা আৰু ফাগুনী উৎসৱ

Posted by: কল্পজ্যোতি শইকীয়া February 21, 2018 4:25 pm
Ismail Hossain Bookfair

কাইলৈৰ পৰা মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব ইছমাইল হুছেইন গ্ৰন্থমেলা আৰু ফাগুনী উৎসৱ।

সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত তথা প্ৰতিশ্ৰুতি প্ৰকাশন আৰু সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থা “সাতসৰী”ৰ সহযোগত এই গ্ৰন্থমেলা তথা ফাগুনী উৎসৱ অনুষ্ঠিত হ’ব বুলি আয়োজক কমিটিয়ে আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে।

পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি সাহিত্য একাডেমি বঁটা প্ৰাপক বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোহাঞি এই গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ উন্মোচন কৰিব।

ইয়াৰ পিছতে ইছমাইল হুছেইন গ্ৰন্থমেলাৰ স্মাৰক গ্ৰন্থ ‘ঐতিহ্যবন’ উন্মোচন কৰা হ’ব বুলি প্ৰণৱ নদীয়ালে সদৰী কৰে।

গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ইয়োৰ উপৰি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।

নদীয়ালে উল্লেখ কৰা অনুসৰি বিশিষ্ট সাহিত্যিক তথা শংকৰী সংস্কৃতিৰ গৱেষক গৰাকীৰ জন্মদিন উপলক্ষে এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।

আনহাতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি ২৩ ফেব্ৰুৱাৰিৰ বিয়লি ৫ বজাত বিশিষ্ট কবি সমীৰ তাঁতী সঞ্চালনাত এখন কবি সন্মিলনৰ আয়োজন কৰা হৈছে।