NORTHEAST NOW (Assamese)
অসম

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় হোষ্টেলৰ ৭১ আৱাসী ক’ভিড-১৯ নিগেটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 10, 2020 7:15 pm
1537 persons cured of COVID-19 in Assam

গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৭১গৰাকী আৱাসীৰ নমুনা দেওবাৰে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে।

ডাঃ দীপা ডেকা নামৰ আৱাসিক চিকিৎসক এগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত বাকীসকলৰো নমুনা সংগ্ৰহ কৰা হৈছিল।

ডাঃ দীপা ডেকাৰ লগত একেলগে ক’ভিড-১৯ৰ স্ক্ৰিনিঙৰ কামত জড়িত থকা ডঃ সংগীতা নাথ আৰু ট্ৰিবিষা কালিতাৰো নিগেটিভ ৰিজাল্ট আহিছে।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এয়া এক সকাহ বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা ক’ভিড-১৯ ধৰা পৰিছিল ডাঃ দীপা ডেকাৰ দেহত।

তাৰ পাছতে কালি গুৱাহাটীৰ ভঙাগড়স্থিত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীবাসক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

যোৱা ২৫ এপ্ৰিলৰ পৰা ১ মে’লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ক’ভিড-১৯ স্ক্ৰিনিঙৰ কামত ব্যস্ত আছিল ছাত্ৰীগৰাকী।

যোৱা ২ মে’ত হোষ্টেলটোত চেল্ফ কুৱাৰেন্টাইন কৰা হৈছিল ছাত্ৰীগৰাকীক।

এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসক ছাত্ৰ ডঃ লিথিকেশৰ সংস্পৰ্শলৈ আহিছিল ছাত্ৰী গৰাকী।