NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ আগিয়াত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত বহুকেইখন দোকান

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 11, 2020 8:34 am

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বালিজানা তিনিআলি বজাৰত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডৰ ফলত এটা আৱাসগৃহ আৰু ছখনকৈ দোকান ভস্মীভূত হোৱা লগতে ক্ষতিসাধন হয় কেবা লক্ষাধিক টকা।

নিশা প্ৰায় ৯-৩০ বজাত বালিজানা বজাৰৰ ফাৰ্মাচী এখনৰ পৰা হঠাৎ দাউ দাউকৈ জুই জ্বলি উঠাত স্থানীয় ৰাইজে তৎক্ষণাৎ আগিয়া আৰক্ষী থানাত খবৰ দিয়ে।

খবৰ পাই গোৱালপাৰাৰ পৰা তিনিখন, লক্ষীপুৰৰ পৰা এখন আৰু অভয়াপুৰী পৰা এখন মুঠ ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নির্বাপিত কৰে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পাই জিলাখনৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

অগ্নিকাণ্ডৰ জুইত তিনিখন গেলামাল দোকান, এখন ফাৰ্মাচী, দুখন শাক পাচলিৰ দোকানৰ লগতে কালা সাহা নামৰ লোকজনৰ গেলামাল দোকানৰ সৈতে থকা আবাসগৃহটো জাহ যায়।

স্থানীয় ৰাইজে জনোৱা মতে লকডাউনৰ বাবে আবেলি ৩ বজাত সকলোৱে নিজৰ নিজৰ দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত নিশাৰ ভাগত অগ্নিকাণ্ডটো সংঘটিত হয়।

বাতৰি যুগুত কৰা সময়লৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।