NORTHEAST NOW (Assamese)
Popular Stories

যাত্ৰীবাহী ৰেইলৰ পিছত আৰম্ভ হ’ব ঘৰুৱা বিমানৰ উৰণ : কেন্দ্ৰৰ অনুমতিৰ অপেক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 8:48 am
images

সমগ্ৰ দেশজুৰি কোভিড১৯ প্ৰতিৰোধী ল’কডাউনৰ মাজতে আজিৰ পৰা দেশত পৰ্যায়ক্ৰমে যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হোৱাৰ পিছত ঘৰুৱা বিমানৰো উৰণ আৰম্ভ কৰা হ’ব।

বিমান পৰিবহণ মন্ত্ৰালয়ে এই সম্পৰ্কত ঘৰুৱা বিমান পুনৰ উৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এক সূত্রত প্রকাশ।

চৰকাৰী এক শীৰ্ষ সূত্ৰৰ উদ্ধৃতি দি হিন্দুএ কয় যে ঘৰুৱা বিমান পুনৰ উৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহেও ইচ্ছা প্ৰকাশ উচিত।

ৰাজ্য চৰকাৰসমূহে বিমান পুনৰ উৰণৰ ক্ষেত্ৰত সহমতত উপনীত হোৱা আৱশ্যক। সূত্ৰটোৰ দাবী।

ইফালে সূত্ৰটোৱে প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এডাপ্পাডী কে পালানিস্বামীৰ মতে অহা ৩১ মে’ পৰ্য্ন্ত কেন্দ্ৰৰ দ্বাৰা বিমান পুনৰ উৰণৰ অনুমতি দিয়া নহ’ব পাৰে!

“১৮ মে’ৰ পূৰ্বে বিমান উৰণ আৰম্ভ হ’ব পাৰে। অপাৰেটিং প্ৰট’কলত আছে। কিন্তু এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এক ৰাজনৈতিক সিদ্ধান্ত লোৱা উচিত।” সূত্ৰটোৱে কয়।

অপাৰেটসকলৰ মতে মধ্য আসনখন পূৰ কৰিবলৈ কেন্দ্ৰই অনুমতি দিব লাগে, কাৰণ মধ্য আসনখন খালী ৰাখিলে বৃহৎ পৰিমাণৰ বাণিজ্যিক ঘাটি হ’ব।

ভাৰতীয় বিমান প্ৰাধিকৰণ(AAI)ৰ সৈতে জড়িত অন্য এটা উৎসৰ মতে ৰেড জ’নৰ দায়দৰবাদ আৰু আহমদাবাদক বাদ দি মুম্বাই, কলকতা, দিল্লী, বাংগালুৰু আৰু চেন্নাইৰ লগতে পুনেৰ এটা অংশত বিমান উৰণৰ আৰম্ভ কৰাৰ কথা আছে।

“কেন্দ্ৰই কোভিড১৯ৰ বিপদৰ সম্ভাৱনা নথকা ঠাইত ঘৰুৱা বিমানৰ উৰণ অনুমতি দিয়াৰ বাবে প্ৰস্তুত আছে।” সূত্ৰটোৱে কয়।

দেশত অব্যাহত থকা তিনিটা পৰ্যায়ৰ ল’কডাউন অহা ১৭ মে’ত অন্ত পৰিব।

ইয়াৰ পিছত বিমান পৰিবহণ দপ্তৰৰ পৰিচালন সঞ্চালকে ঘৰুৱা যাত্ৰীক শ্ৰেণী বিভাজন কৰি ঘৰুৱা বিমান উৰণৰ বাবে ইঙ্গিত প্ৰদান কৰিছে বুলিও জনাইছে সূত্ৰটোৱে।