NORTHEAST NOW (Assamese)
দেশ

একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ : বিৰোধীয়ে ত্যাগ কৰিলে সদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 12:14 pm
একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ : বিৰোধীয়ে ত্যাগ কৰিলে সদন

আজি সদনৰ বাজেট অধিবেশনত বাজেট দাখিল কৰিবলৈ আৰম্ভ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে।

বাজেট দাখিল কৰাৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

উল্লেখ্য যে বিহাৰৰ পদ্মশ্ৰী প্ৰাপক এজন শিল্পীয়ে নিজ হাতেৰে তৈয়াৰ কৰা মধুবনী শাৰী পিন্ধি সংসদত বাজেট উত্থাপন কৰিছে সীতাৰমণে।

বাজেটৰ আৰম্ভণিতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে এই বাজেটত উৎপাদন বৃদ্ধি, সৰ্বাংগীন উন্নয়ন, আৰু ব্যক্তিগত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব। আমাৰ লক্ষ্য এখন উন্নত ভাৰত।

সীতাৰমণে কয় – ‘এই বাজেটত দৰিদ্ৰ, অন্ন দাতা আৰু মহিলাকে ধৰি ১০টা খণ্ডক গুৰুত্ব দিয়া হৈছে।

ইফালে বিৰোধীয়ে আজি মহাকুম্ভত সংঘটিত হোৱা ঘটনাক লৈ আলোচনাৰ দাবী উত্থাপন কৰে। বাজেট ভাষণৰ আৰম্ভণিৰে পৰাই বিৰোধী দলসমূহে এই বিষয়ত যৌথ আলোচনাৰ দাবী জনায়। অৱশেষত যেতিয়া বাজেট প্ৰস্তাৱ আৰম্ভ হল, তেতিয়া বিৰোধী দলসমূহে সংসদ ত্যাগ কৰে।