NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৯৫৮ গৰাকীলৈ বৃদ্ধি; বিগত ২৪ ঘণ্টাত ৫০ গৰাকী ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 4:44 pm

বিগত ২৪ ঘণ্টাত মিজোৰামত নতুনকৈ ৫০ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ১৯৫৮ গৰাকীলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত হোৱা ৫০ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান।

আনহাতে, ক’ৰ’না প’জিটিভ ৫০ গৰাকী লোকৰ ভিতৰত ৪৩ গৰাকী আইজল জিলাৰ আৰু ৭ গৰাকী লুংগলেই জিলাৰ।

সুৰক্ষা বাহিনীৰ ২৪ গৰাকী ক’ৰ’না প’জিটিভ জোৱানৰ ভিতৰত ১৪ গৰাকী চি আৰ পি এফৰ, ৭ গৰাকী বি এছ এফৰ আৰু ৩ গৰাকী অসম ৰাইফলছৰ জোৱান।

মিজোৰামত বৰ্তমানলৈ ১৪৫৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে। ৰাজ্যখনত আৰোগ্যৰ হাৰ ৭৪.৫২ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, মিজোৰামত এইপৰ্যন্ত কোনোলোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।