NORTHEAST NOW (Assamese)
অসম

প্ৰথমটো কোভিড ভেকচিন ২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰত দেশত উপলব্ধ হ’ব : স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 5:06 pm

২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰত ভাৰতত কোভিড প্ৰতিৰোধী ভেকচিন উপলব্ধ হ’ব বুলি সোমবাৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্দ্ধনে।

কোভিড ভেকচিনৰ বিকাশ সন্দৰ্ভত মত ব্যক্ত কৰি চৰকাৰ ২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰত কোভিড ভেকচিন প্ৰস্তুত হৈ উঠিব বুলি আশাবাদী স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মত ব্যক্ত কৰে।

”কোভিড ভেকচিনৰ বিকাশৰ বাবে পূৰ্ণ গতিত গৱেষণাৰ কাম অব্যাহত আছে। দেশত বৰ্তমান সময়ত তিনিটা কোভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে,” ড০ হৰ্ষবৰ্দ্ধনে লগতে কয়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দেশৰ জনসাধাৰণৰ কোভিড ভেকচিনক লৈ সংশয় থাকিলে তেওঁ প্ৰথমে এই ভেকচিন গ্ৰহণ কৰিবলৈ সাজু বুলিও মত ব্যক্ত কৰিছিল।

আনহাতে, কেন্দ্ৰ চৰকাৰে কোভিড ভেকচিনৰ শেহতীয়া আপডেট সমূহ প্ৰকাশৰ বাবে এটা প’ৰ্টেলো মুকলি কৰিছে।