NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অপহৃত নাবালিকা উদ্ধাৰ; শিশু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 5:21 pm

২৭ ছেপ্তেম্বৰৰ দিনাখন গুৱাহাটীস্থিত আৰ পি এফ পোষ্টৰ কনষ্টেবল টি অ’ সিঙে গুৱাহাটীস্থ ৰেল’ৱে ষ্টেশ্যনত চিচিটিভি নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যৰত অৱস্থাত সন্দেহজনকভাৱে ষ্টেশ্যনৰ ভিতৰলৈ এজন পুৰুষে এজনী নাবালিকা ছোৱালী লগত লৈ অহা প্ৰত্যক্ষ কৰে।

লগে লগে সিঙে বিষয়টো উক্ত এলেকাৰ কৰ্তব্যৰত কনষ্টেবল এল ৰামানন্দ সিঙক অৱগত কৰে।

ৰামানন্দ সিঙে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ মুখ্য টিকত পৰিদৰ্শকজনৰ সৈতে তেওঁলোকক বিছাৰি উলিয়াই আৰু ষ্টেশ্যনৰ মুকলি এলেকাত নাবালিকা ছোৱালীজনীৰ সৈতে উক্ত ব্যক্তিজনে নিজৰ উপস্থিতি লুকুৱাই বহি থকা দেখা পায়।

সোধ-পোছ কৰাত ছোৱালী গৰাকীয়ে ব্যক্তিজনক পূৰ্বে লগ পোৱা নাছিল বুলি উল্লেখ কৰি ব্যক্তিজনে জোৰ দিয়াৰ পিছত তেওঁ চেন্নাইলৈ যাবলৈ ঘৰৰ পৰা পলাই আহিছে বুলি কয়।

পৰৱৰ্তী সময়ত গুৱাহাটীস্থ ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শকে বিষয়টো উদ্ধাৰ হোৱা ছোৱালীজনীৰ অভিভাৱকক অৱগত কৰে আৰু বিগত ২৬ ছেপ্তেম্বৰৰ পৰাই কিশোৰী গৰাকী নিৰুদ্দেশ হৈ থকা বুলি জানিব পাৰে।

আনহাতে, প্ৰয়োজনীয় চিকিৎসা আৰু অন্যান্য বিষয় সমূহ সম্পুৰ্ণ হোৱাৰ পাছত ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শকে উদ্ধাৰ হোৱা নাবালিকা গৰাকী আৰু সূনীল ঠাকুৰ নামৰ ধৃত ব্যক্তিজনক অ’চি জি আৰ পি এফ গুৱাহাটীৰ হাতত চমজাই দি এটা গোচৰ পঞ্জীয়ন কৰে।