NORTHEAST NOW (Assamese)
অসম

পাঠশালাৰ তিনিখন বিদ্যালয়ৰ আঠগৰাকী শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 3:58 pm

ৰাজ্যজুৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ সময়তে আজি বৰপেটা জিলাৰ পাঠশালাৰ ৮জন শিক্ষাৰ্থী আৰু এজন শিক্ষক এই ভাইৰাছবিধৰ কৱলত পৰিছে।

পাঠশালাৰ তিনিখন বেলেগ বেলেগ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত কৰা ক’ৰ’না টেষ্টৰ ফলত এই শিক্ষাৰ্থী আৰু শিক্ষকজনৰ ফলাফল পজিটিভ আহে।

এই তিনিখন শিক্ষানুষ্ঠানৰ সৰ্মুঠ ৮১০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষত-শিক্ষয়ত্ৰীয়ে ক’ৰ’না টেষ্ট কৰে।

উল্লেখ্য যে ছমাহ ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে যোৱা ২১ ছেপ্তেম্বৰৰ পৰা খুলিছে।

সমগ্ৰ ৰাজ্যৰ লগতে পাঠশালাৰ বিদ্যালয়সমূহতো ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে পাঠদান। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা ভাগত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া।

সেয়ে ছাত্ৰ-ছাত্ৰী আৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি পাঠশালাৰ বিদ্যালয় তিনিখনে ক’ভিড টেষ্ট কৰিছিল।

উল্লেখ্য যে ৮ গৰাকীকৈ শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিতভাৱে চিন্তনীয় কিয়নো কম বয়সীয়া ল’ৰা-ছোৱালীৰ বাবে এই ভাইৰাছবিধ যথেষ্ট মাৰাত্মক।