NORTHEAST NOW (Assamese)
অসম

হোটেল ৰাজকমল আৰু ফাঁচি বজাৰৰ দাঁতিকাষৰীয়া অঞ্চলক কনটেইনমেণ্ট জ’ন ঘোষণা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 12, 2020 7:21 pm

১১ মে’ অৰ্থাৎ সোমবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ ব্যৱসায়ী মুংৰু চাহানীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে হোটেল ৰাজকমল আৰু ফাঁচি দাঁতিকাষৰীয়া অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

আজি মহানগৰ জিলা প্ৰশাসনে এক নিৰ্দেশনাৱলীৰ জৰিয়তে এই কথা ঘোষণা কৰে।

জিলা প্ৰশাসনে জাৰি কৰা কন্টেইনমেন্ট জ’নৰ নিৰ্দেশনাৱলী অনুসৰি পূবে এছ আৰ চি বি ৰোড ,পশ্চিমে এম এছ ৰোড, উত্তৰে এম জি ৰোড আৰু দক্ষিণে তৰুণ ৰাম ফুকন ৰোডলৈ ছীল কৰা হৈছে অঞ্চলটো।

প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা উক্ত অঞ্চল সমূহত কোনো ব্যক্তি বাহিৰত ওলোৱা আৰু সোমোৱা কৰিব নোৱাৰিব।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলীত স্পষ্টকে উল্লেখ আছে যে যদি কোনো লোকে এই নিয়ম ভংগ কৰে তেন্তে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে সোমবাৰে গুৱাহাটী মহানগৰীৰ ফাঁচি বজাৰৰ ব্যৱসায়ী মুংৰু চাহানী( ৫০) আৰু জাগীৰোডৰ অমৰজ্যোতি ডেকা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।