NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 6:28 pm

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে নিজেই আজি এই কথা টুইটাৰযোগে জানিবলৈ দিয়ে।

নাড্ডাই এটা টুইটেৰে কয়, ‘ক’ৰ’নাৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিয়াত মই টেষ্ট কৰিছিলো আৰু ৰিপ’ৰ্ট পজিটিভ আহে। মোৰ স্বাস্থ্য ভালেই আছে, চিকিৎসকৰ পৰামৰ্শত সকলো নীতি-নিৰ্দেশনা মানি মই হোম আইছ’লেশ্যনত আছো’।

ইয়াৰ উপৰি তেওঁ লগতে কয়, ‘মোৰ অনুৰোধ, যোৱা কিছুদিনত যিসকলে মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে আইছ’লেশ্যনত থাকি টেষ্ট কৰক’।

উল্লেখ্য যে জে পি নাড্ডাই অলপতে পশ্চিম বংগ ভ্ৰমণ কৰিছিল।

জানিব পৰা মতে, শনিবাৰে নাড্ডাই সামান্যভাৱে গলৰ অসুবিধাত ভুগিছিল। ইয়াৰ পিছতে তেওঁ ক’ৰ’না টেষ্ট কৰে আৰু ৰিপ’ৰ্ট পজিটিভ আহে। বৰ্তমান তেওঁ হোম আইছ’লেশ্যনত আছে।