NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচনৰ ফলাফল : টুইটে উদঙালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মিথ্যাচাৰ!

Posted by: প্ৰাঞ্জল দেউৰী Updated by: প্ৰাঞ্জল দেউৰী December 13, 2020 5:55 pm
index.jpg

কালি নিশা ঘোষণা হৈ যোৱা বিটিচিৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱা দেখা গৈছে।

উল্লেখ্য যে দুটা পৰ্যায়ত সমাপন হৈ যোৱা বিটিচি নিৰ্বাচনৰ ফলাফল ১২ ডিচেম্বৰত ঘোষণা কৰা হয়।

৪০ টা পৰিষদীয় সমষ্টিৰ শনিবাৰে নিশালৈ ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত বিটিচিত ত্ৰিশংকু পৰিষদ পৰিলক্ষিত হয়।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিপিএফ দলে ১৭ খন, য়ুপিপিএল ১২, বিজেপি ৯, কংগ্ৰেছ+এআইয়ুডিএফ মিত্ৰজোঁট ১ আৰু গণ সুৰক্ষা পাৰ্টিয়ে ১ খনকৈ আসন লাভ কৰে।

৪০ খন আসনযুক্ত বিচিটি পৰিষদৰ পৰিষদ গঠনৰ মেজিক সংখ্যা হ’ল ২১। কিন্তু কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।

কোনো দলে মেজিক সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱাৰ লগে লগে দিছপুৰত আৰম্ভ হয় বিটিচিকেন্দ্ৰিক ৰাজনৈতিক কূট কৌশল।

নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্বে নিশাই গুৱাহাটীলৈ আহি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু গণ সুৰক্ষা মঞ্চৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ উপস্থিতিত গোবিন্দ বসুমতাৰীসহ য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৰাজনৈতিক মন্থনত ব্যস্ত হয়।

এই মন্থনতে সিদ্ধান্ত কৰা হয় যে য়ুপিপিএলৰ সৈতে বিজেপিয়ে বিটিচিত পৰিষদ গঠন কৰিব আৰু লগত থাকিব মাত্ৰ এখন শাসন লাভ কৰা নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টয়ে।

ইফালে একে সময়তে নিখিল বড়ো ছাত্ৰ সন্থাইয়ো সংবাদ মাধ্যমৰ আগত বিটিচিত য়ুপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিয়ে পৰিষদ গঠন কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নিশাৰ মন্থন বৈঠকতে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও আনুষ্ঠানিকতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মতিৰ পিছতে বিটিচি পৰিষদ গঠন কৰাৰ কথা চৰকাৰীভাৱে ঘোষণা কৰা হয়।

এই অনুসাৰে বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে ঘোষণা কৰা হয় য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নাম।

এই সমগ্ৰ ৰাজনৈতিক মন্থনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা(এনডিএ)ৰ প্ৰধান দল বিজেপিয়ে এনডিএৰ অংশীদাৰ দল বিপিএফক একাষৰীয়া কৰি অহা পৰিলক্ষিত হয়।

ইফালে পুৱা ভাগত কোকৰাঝাৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা এতিয়াও ভংগ হোৱা নাই আৰু দিছপুৰ আৰু দিল্লীত বিজেপিৰ সৈতে বিপিএফ এতিয়াও ক্ষমতাত আছে, সেয়ে কোৱালিশ্যনৰ ধৰ্ম পালন কৰি বিজেপিয়ে বিপিএফৰ সৈতে বিটিচিত পৰিষদ গঠন কৰিব।

উল্লেখ্য যে বিপিএফ আৰু বিজেপিয়ে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰৰ সৈতে মিত্ৰতাত ভংগ নকৰিলেও বিটিচি নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে অৱতীৰ্ণ হয়। আৰু সেই সময়ছোৱাত দুয়ো দলে এটাই আনটোক প্ৰতিপক্ষৰ দৰে ব্যৱহাৰ কৰিলেও বিপিএফ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সম্পৰ্কে কোনো মন্তব্য কৰা নাছিল।

আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২১ নিৰ্বাচনলৈকে বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা ভংগ নহয় বুলি স্পষ্টভাৱে ঘোষণা কৰি আহিছে। অৱশ্যে ২০২১ বিধান সভাত বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতাত থাকিব নে নাই সেয়া পুনৰ বিবেচনা কৰা হ’ব পাৰে বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি তাৎপৰ্যপূৰ্ণ মন্তব্যও প্ৰকাশ কৰি আহিছে।

এতিয়া প্ৰশ্ন হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফেৰে ৰাজ্য আৰু কেন্দ্ৰত মিত্ৰতা থকাৰ পিছতো কেনেকৈ বিপিএফক বিটিচি নিৰ্বাচনৰ সময়ছোৱাত ৰাজনৈতিক শত্ৰু হিচাপে টাৰ্গেট কৰিবলৈ সাহস পালে? কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন অথবা সংকেত লাভ নকৰাকৈ মন্ত্ৰী হিমন্তই মিত্ৰ দলক আক্ৰমণ কৰাৰ অধিকাৰ আছে নে? নিশ্চয় নাই। বিজেপিৰ দৰে কঠোৰ অনুশাসন পালন কৰাৰ এটা দলৰ এজন ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেত নোপোৱাকৈ এনে আচৰণ কৰাতো সম্ভৱ নহয়।

এই সকলোবোৰ অংক আৰু প্ৰশ্নৰ উত্তৰ এটা মাত্ৰ টুইটেই ৰাজহুৱা কৰি দিলে। সেই টুইটতো হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নাম বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সেই বিশেষ টুইটতো কৰে।

দিনৰ ১২.৩৮ বজাত টুইট কৰি অমিত শ্বাহে লিখিছে যে বিটিচি নিৰ্বাচন এনডিএ সহজে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। টুইটটোত শ্বাহে এনডিএৰ মিত্ৰ দল বুলি উল্লেখ কৰি য়ুপিপিএলক অভিনন্দন জ্ঞাপন কৰিছে।

এতিয়া কথা হ’ল য়ুপিপিএল বৰ্তমানলৈকে এনডিএৰ অংশীদাৰ দল হোৱা নাই। আৰু দুয়ো দলে প্ৰকাশ্যে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বী দল হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইফালে বৰ্তমানেও য়ুপিপিএলে এনডিএত চামিল হোৱাৰ কোনো আনষ্ঠানিক বিবৃতি য়ুপিপিএল অথবা এনডিএৰ দুয়োফালৰ প্ৰকাশ কৰা হোৱা নাই। তেনে অমিত শ্বাহে কিয় য়ুপিপিএলক এনিডএৰ মিত্ৰ দল বুলি টুইটত উল্লেখ কৰিছে। এনডিএৰ অংশীদাৰী দল বিপিএফে বিটিচি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দলৰূপে বিবেচিত হোৱাৰ পিছতো অমিত শ্বাহে মিত্ৰ দল বিপিএফক অভিনন্দন জনোৱাতো বাদেই এবাৰলৈ নামো উল্লেখ কৰা নাই।

য়ুপিপিএলক এনডিএৰ অংশীদাৰ দল বুলি গৃহমন্ত্ৰীয়ে কিয় মিথ্যাচাৰৰ আশ্ৰয় ল’লে? এই প্ৰশ্নৰো উত্তৰ নিশ্চয় ৰাইজৰ মনত উদয় হৈছে।

বিটিচিৰ বিগত তিনিটা কাৰ্যকাল পৰ্যবেক্ষণ কৰিলে দেখা যায় যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোৱালিশ্যন ধৰ্ম ৰক্ষা কৰি প্ৰতিখন চৰকাৰতে অংশগ্ৰহণ কৰি আহিছে। লাগে সি ইউপিএ হওক বা এনডিএ হওক অথবা ৰাজ্যত কংগ্ৰেছ বা বিজেপি যাৰেই চৰকাৰ নহওক।

এই তিনিটা কাৰ্যকালত এইটো স্পষ্ট হৈছিল যে হাগ্ৰামা মহিলাৰী এজন দৃঢ়মনা আৰু ননকম্প্ৰমাইজিং নেতা। কোনো চৰকাৰৰ দিনতে মূৰ তল কৰি অহা নাই। দিছপুৰ হওক দিল্লী হওক সকলোতে নিজৰ শিৰ নত কৰাৰ নজিৰ নাই। আনকি কেন্দ্ৰতো ভাবুকিৰে বিটিচিৰ অধিকাৰ হাচিল কৰাৰ নিজৰ আছে হাগ্ৰামাৰ। হাগ্ৰামাৰ এই স্থিতিক বলে নোৱাৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিটিচিত এজন পুতলা চীফৰ সন্ধান কৰিছিল। এই পৰিকল্পনাৰেই বিপিএফৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক বিজেপিত যোগদান কৰোৱা বুলিও চৰ্চা লাভ কৰিছিল।

অৰ্থাৎ বিজেপিয়ে বিটিচি নিৰ্বাচনত য়ুপিপিএলতৈ অধিক আসন লাভ কৰিলে বিশ্বজিৎ দৈমাৰীক মুখ্য কাৰ্যাবাহী সদস্যৰ পতাৰ পৰিকল্পনা আছিল। কিন্তু বিজেপিৰ সেই পৰিকল্পনা ফলৱৰ্তী নোহোৱাত বিজেপিয়ে য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োক বিটিচিৰ প্ৰধানৰ দায়িত্ব দিবলৈ বাধ্য হ’ল। কাৰ্যতঃ এজন পুতলা চীফৰ সন্ধানত বৰ্তমানেও সফল বিজেপিয়ে।

ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজনৈতিক অংকৰেৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ য়ুপিপিএলক এনডিএৰ অংশীদাৰী দল বুলি টুইট কৰে। আৰু এইদৰে এনডিএৰ অংশীদাৰী দল বিপিএফক বিশ্বাসঘাতকা কৰি বিটিচিত য়ুপিপিএলৰ সৈতে বিজেপিয়ে ক্ষমতা হস্তগত কৰিলে।