NORTHEAST NOW (Assamese)
অসম

টীয়কত প্ৰাক্তন মুখ্য মন্ত্ৰী জননেতা তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 13, 2020 5:49 pm
টীয়কত প্ৰাক্তন মুখ্য মন্ত্ৰী জননেতা তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰাংগণত আজি ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জননেতা তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

টীয়কৰ অন্যতম সমাজকৰ্মী পল্লবী গগৈ, ৰেবত বৰুৱা, দিলীপ হাতীবৰুৱাক আহ্বায়ক হিচাপে লৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল।

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ সুযোগ্য সন্তান তথা কলিয়াবৰ সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ ৰাণী নৰহকে প্ৰমুখ্য কৰি ভালে সংখ্যক জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি, দল-সংগঠন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

লগতে বিভিন্ন জাতি-জনগোষ্ঠী, অনুষ্ঠান-প্ৰতিস্থানে পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আগবঢ়াই বিদেহী আত্মাৰ সদগতি কামনা কৰে।

উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিয়লি ৫.৩৪ বজাত মৃত্যু ঘটিছিল।