NORTHEAST NOW (Assamese)
অসম

দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে যোৰহাটৰ টীয়কত প্ৰতিষ্ঠা কৰা হ’ব সম্পূৰ্ণ বিনামূলীয়া এখন জাতীয় বিদ্যালয়

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক December 13, 2020 7:01 pm
Screenshot_2020-12-13-18-33-47_1

দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, এই মূলমন্ত্ৰকে সাৰোগত কৰি যোৰহাট জিলাৰ টীয়কৰ কলিয়পানীত সম্পূৰ্ণ বিনামূলীয়া এখন জাতীয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে টীয়কৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক প্ৰতাপ শইকীয়াই।

দৰিদ্ৰতাৰ বাবে যাতে শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰী বঞ্চিত হ’ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ প্ৰতাপ শইকীয়াই ২০২১ বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ লৈছে শিক্ষাৰ এক নতুন বিদ্যালয়।

জ্ঞান মাৰ্গ জাতীয় বিদ্যালয় নামেৰে নামকৰণ কৰা এই নতুন বিদ্যালয়খনত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাধান্য দিয়া হ’ব বুলি জানিবলৈ দিছে।

সম্পূৰ্ণ বিনামূলীয়াকৈ স্কুলীয়া সাজ-পাৰ, কিতাপ-পত্ৰকে আদি কৰি সকলো সঁজুলিৰ সমান্তৰালকৈ বিদ্যালয়ত নিয়োজিত শিক্ষক-কৰ্মচাৰীৰ পাৰিতোষিক পৰ্যন্ত নিজৰ ব্যৱসায়ৰ লাভাংশৰ পৰা যোগান ধৰিব বুলি মন্তব্য কৰি এই পদক্ষেপে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলিও আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিদ্যালয়খন আৰম্ভ কৰাৰ প্ৰাকক্ষণত আজি তেওঁৰ কলিয়পানীস্থিত নিজা বাসগৃহত এই বিদ্যালয়খনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কৰিবলগীয়া কেতবোৰ দিশৰ ওপৰত এখন সভা অনুস্থিত কৰে।

সভাখনত বৃহত্তৰ টীয়ক অঞ্চলৰ বহুসংখ্যক শিক্ষাবিদ, জাতীয় সংগঠন নেতা তথা ৰাইজ উপস্থিত থাকি বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত বিশেষ আলোচনা কৰা হয়।

সভাত উপস্থিত সকলোৱে এইগৰাকী মানৱ দৰদী ব্যৱসায়ীৰ এনে পদক্ষেপক আদৰণি জনায়।

উল্লেখযোগ্য যে জ্ঞান মাৰ্গ জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ আগমুহূৰ্তত অনুষ্ঠিত এই ৰাজহুৱা সভাত এখন পূৰ্ণাঙ্গ বিদ্যালয় পৰিচালনা সমিতিৰো গঠন কৰা হয়।