NORTHEAST NOW (Assamese)
অসম

এইমছৰ বাথৰুমত ৰোগীয়ে কৰিলে আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 3:59 pm
AIIMSBUILDINGDELHI-1140x570

নতুন দিল্লীৰ সৰ্বভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান(এইমছ)ত এগৰাকী ৩৫ বছৰীয়া যুৱকে আত্মহত্যাৰ কথা বৃহস্পতিবাৰে আৰক্ষীয়ে সদৰী কৰিছে।

যুৱকজনক দিল্লীৰ আগশাৰীৰ স্বাস্থ্য প্ৰতিষ্ঠানটোৰ বাথৰুমত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।

এইমছৰ ট্ৰ’মা চেন্টাৰত য়েল’ জ’নৰ বাথৰুমত গ্লুকজ বটলৰ সৈতে ব্যৱহাৰ হোৱা এডাল প্লাষ্টিক পাইপেৰে চিপ লোৱা অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ কাষত কোনো আত্মহত্যাৰ টোকা উদ্ধাৰ হোৱা নাই।

‘’১৬জুলাইৰ দিনৰ ১২.৫৫বজাত নতুন দিল্লীৰ এইমছৰ পৰা হজ খা’চ আৰক্ষী থানালৈ এইমছৰ ট্ৰ’মা চেন্টাৰৰ বাথৰুমত আত্মহত্যা কৰাৰ এক খৱৰ আহে। পৰিদৰ্শনৰ সময়ত মৃতকৰ ডিঙিত ওপৰত এটা বন্ধনী চিহ্ন দেখা পোৱা যায়,’’-দক্ষিণ দিল্লীৰ এচিপি অতুল ঠাকুৰে কয়।

ৰোগীজনক মধ্য প্ৰদেশৰ ছাটনা জিলাৰ এগৰাকী বাসিন্দা ৰাজমনি পেটেল বুলি চিনাক্ত কৰা হৈছে।

মৃত ব্যক্তিগৰাকীক ততাতয়াকৈ জৰুৰীকালীন কক্ষলৈ নিয়া হৈছিল যদিও চিকিৎসক তেওঁক মৃত ঘোষণা কৰে।

এই গোটেই ঘটনাটোৰ তদন্ত চলাই থকা হৈছে।