NORTHEAST NOW (Assamese)
অসম

নগাঁও চলচলিৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত চুৰিকাণ্ড

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 13, 2020 8:13 pm

ক’ৰ’না ভাইৰাছক কেন্দ্ৰ কৰি অব্যাহত থকা লকডাউনৰ মাজতে মঙলবাৰে নিশা পুৰণিগুদামৰ অসম গ্ৰামীণ বিকাশ বেংকৰ চলচলি শাখাত এক চাঞ্চ্যলকৰ চুৰি কাণ্ড সংঘটিত হয়।

খিৰিকি ভাঙি, গ্ৰীল কাটি বেংকৰ শাখাটোত চোৰে প্ৰবেশ কৰিছিল। চোৰে বেংকটোৰ যাৱতীয় কামত ব্যৱহাৰ হোৱা কেইবাটাও কম্পিউটাৰ চি পি ইউ লুটি নিয়ে।

অৱশ্যে চোৰে বেংকটোৰ লকাৰত হাত দিয়াৰ পৰা বিৰত থাকে যাৰ ফলত ৰক্ষা পৰিল লকাৰত মজুত কৰি ৰখা ধনৰাশি। পুৱা বেংকৰ শাখাটো খুলিবলৈ আহি এজন কৰ্মচাৰীয়ে সমগ্ৰ কাণ্ডটোৰ বিষয়ে জানিব পাৰে।

পিছত বেংকৰ কতৃপক্ষই সমীপৰ আৰক্ষী চকীক ঘটনাটোৰ সবিশেষ অৱগত কৰাত পুৰণিগুদাম আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ চুৰিকাণ্ডটোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে।

ইফালে বেংকৰ শাখাটোত এই পৰ্য্যন্ত কোনো ধৰণৰ চি চি টি ভি কেমেৰাৰ ব্যৱস্থা নথকাত চৰম অসন্তুষ্টি ব্যক্ত কৰে স্থানীয় ৰাইজ তথা একাংশ গ্ৰাহকে।