NORTHEAST NOW (Assamese)
Popular Stories

বৰ্ষাপাৰাত ভিলেইন নিয়ৰ! ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰৰ মতে ইয়াত ২২২ ৰানো যথেষ্ট নহয়; বলাৰক সুৰক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2023 11:53 am

প্ৰথমতে গুৱাহাটীৰ নিয়ৰ, দ্বিতীয়তে গ্লেন মেক্সৱেল, সূৰ্য্যকুমাৰ যাদৱে শৃংখলাৰ তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে এই ২টা কাৰক উল্লেখ কৰে। যদিও এই মেচখনত ভাৰতে ২২২ ৰানৰ বিশাল স্কোৰ সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতো পৰাস্ত হোৱাত অধিনায়কগৰাকীক অলপ হতাশ হোৱা যেন লাগিছিল যদিও তাৰ বাবে বলাৰসকলক দোষাৰোপ কৰিবলৈ ইচ্ছুক নহয় সূৰ্য্যকুমাৰ।

খেলখনৰ শেষত টীম ইণ্ডিয়াৰ অধিনায়কে কয়, ‘আমি মেক্সৱেলক অতি সোনকালে আউট কৰিব বিচাৰিছিলো। পৰিকল্পনা আছিল আগতীয়াকৈ তেওঁৰ উইকেট লোৱা। কিন্তু এই নিয়ৰত ২২২ ৰানেৰে খেলখন জয় কৰিবলৈ হ’লে বলাৰসকলৰ হাতত কিবা এটা তুলি দিব লাগিব।‘

সূৰ্য্যই লগতে কয়, ‘এনে নিয়ৰত খেলিব লাগিলে আৰম্ভণিতে উইকেট ল’ব লাগিব। হাতত উইকেট থকা মানে আপুনি মেচখনত আছে। সমগ্ৰ সময়ছোৱাত অষ্ট্ৰেলিয়া যুঁজত আছিল। ড্ৰিংকছ বিৰতিৰ সময়ত মই সতীৰ্থসকলক ক’লোঁ যে আমি মেক্সৱেলৰ উইকেটটো ল’বই লাগিব৷ যদিও সেয়া সম্ভৱ নহ’ল।

শেষ ২ অভাৰত জয়ী হ’বলৈ অষ্ট্ৰেলিয়াক ৪৩ ৰানৰ প্ৰয়োজন হৈছিল। নিয়ৰে যিমানেই অসুবিধাৰ সৃষ্টি নকৰক কিয়, এনে অৱস্থাৰ পৰা যিকোনো বেটিং কৰা দলৰ বাবে মেচ জয় কৰাটো কঠিন। কিন্তু অষ্ট্ৰেলিয়াই অক্ষৰ পেটেলৰ ১৯তম অভাৰত ২২ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণৰ ২০ তম অভাৰত ২৩ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে।

১৯ তম অভাৰত অক্ষৰ পেটেলক বলিং কৰিবলৈ মাতি অনাৰ কাৰণো সদৰী কৰে সূৰ্যকুমাৰে। তেওঁ কয়, ‘মই অক্ষৰক ১৯ তম অভাৰত বলিং কৰিবলৈ পঠিয়াইছিলো কাৰণ তেওঁ ইয়াৰ পূৰ্বে ১৯-২০ অভাৰত বলিং কৰিছে। তেওঁ অভিজ্ঞ। মই ভাবো শেষত অভিজ্ঞ বলাৰৰ প্ৰয়োজন। যদি তেওঁ স্পিনাৰো হয় তেন্তে কোনো সমস্যা নাই। নিয়ৰ বেছি হ’লেও তাত সম্ভাৱনা থাকে।‘

যদিও খেলখনত ভাৰত পৰাস্ত হয়, তথাপিও অধিনায়ক সূৰ্যকুমাৰে ৰুতুৰাজ গাইকোৱাডৰ বিস্ফোৰক শতকক প্ৰশংসা কৰিবলৈ নাপাহৰিলে। তেওঁ কয়, ‘ৰুতুৰাজে এটা আচৰিত ইনিংছ খেলিলে। মই ওলাই অহাৰ পিছত তেওঁ ইনিংছ টানি লৈ গ’ল। মই আগতেই কৈছো যে ফ্ৰেঞ্চাইজি ক্ৰিকেটতো তেওঁ এজন বিশেষ খেলুৱৈ। তেওঁ যিদৰে বেটিং কৰিলে সেয়াই দেখুৱাই দিলে যে তেওঁ কিমান বিশেষ।‘

উল্লেখ্য যে বৰ্ষাপাৰাত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত ২২২ ৰান সংগ্ৰহ কৰিছিল। ৰুতুৰাজ গাইকোৱাডে ১৩টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৫৭টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ নামি একেবাৰে শেষৰ বলটোত মেচখন জয়ী হয়। দলটোৱে ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২২৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। গ্লেন মেক্সৱেলে ৮টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৪৮টা বলত ১০৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।