NORTHEAST NOW (Assamese)
Popular Stories

অতুলনীয় মহানুভৱতা! উত্তৰকাশীৰ উদ্ধাৰ কাৰ্যৰ গেম চেঞ্জাৰ! কিয় পাৰিশ্ৰমিক ল’বলৈ অস্বীকাৰ ৰেট হোল মাইনিং কৰ্মীৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2023 2:46 pm

তেওঁলোকেই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ নায়ক। চিনেমাৰ নায়কৰ দৰে অভিনয় নহয়, কিন্তু বাস্তৱ জীৱনত নিজৰ জীৱনৰ সংশয় উপেক্ষা কৰিও ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰি আনিছে ৰেট হোল মাইনিং কৰ্মীসকলে। গোটেই দেশে তেওঁলোকৰ দুঃসাহসিক অভিযানৰ শলাগ লৈছে। জানিব পৰা মতে এই উদ্ধাৰ অভিযানৰ বাবে এই বিশেষজ্ঞসকলে কোনো ধৰণৰ পাৰিশ্ৰমিক লোৱা নাই।

৪০০ ঘণ্টা ধৰি মাৰাথন উদ্ধাৰ অভিযানৰ অন্তত অৱশেষত মঙলবাৰে সন্ধিয়া ৪১ জন শ্ৰমিক অন্ধকূপৰ পৰা ওলাই আহিল। উদ্ধাৰ কাৰ্যত প্ৰতি পদে পদে একাধিক বাধাৰ সৃষ্টি হৈছে। ১৫ দিনৰ পাছত আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটোও বেয়া হৈ গ’ল। মানৱ শক্তিৰ ওপৰতে ভৰসা কৰিবলগীয়া হয়।

দিল্লী-বিহাৰৰ পৰা বিমানেৰে অনা হৈছিল ৰেট হোল মাইনিং বিশেষজ্ঞ। তাৰ পাছত হাতেৰে খনন কাৰ্য আৰম্ভ কৰিবলৈ ধৰিলে। দেশৰ এই সৰ্বোচ্চ উদ্ধাৰ অভিযানত তেওঁলোক হৈ পৰিছিল গেম চেঞ্জাৰ।

লগতে পঢ়কঃ যন্ত্ৰৰ বিৰুদ্ধে মানুহৰ জয়! নিষিদ্ধ খনন পদ্ধতিৰে জীৱন ৰক্ষা পৰিল সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ

ছিলকিয়াৰা সুৰংগত ৬০ মিটাৰ খনন কৰাটো আছিল এক প্ৰত্যাহ্বান। অগাৰ মেচিনেৰে ১৫ দিনত ৪৭ মিটাৰ খোদিত কৰা সম্ভৱ হয়। তেনেতে মেচিনটো  যান্ত্ৰিক বিজুতিৰ বাবে ভাঙি যায়। যোৱা দুদিন ধৰি জান প্ৰাণ দি যুঁজ দিছিল ৰেট হ’ল মাইনিঙৰ শ্ৰমিকসকলে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭:০০ বজাত সুৰংগৰ ভিতৰত গৈ উপস্থিত হয় ৰেট হ’ল মাইনিং কৰ্মী। ৮ বজাৰ আগতে প্ৰথমজন শ্ৰমিকক উলিয়াই অনা সম্ভৱ হয়। ডেৰ ঘণ্টাৰ ভিতৰতে এজন এজনকৈ ৪১ জন শ্ৰমিকক উলিয়াই আনে। সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক বচাবলৈ ৰেট হোল মাইনিং শ্ৰমিকে হাতেৰে ১২ মিটাৰ দৈৰ্ঘ্যৰ গাঁত খান্দিছিল। ২৪ ঘণ্টাৰ ভিতৰতে এই শ্ৰমিকসকলৰ বাবে সমগ্ৰ উদ্ধাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হয়।

দিল্লীৰ ৰকৱেল কোম্পানীয়ে ছিলকিয়াৰাৰ দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছিল ৰেট হোল মাইনিঙৰ শ্ৰমিকক। তাত ২৪ জনীয়া এটা দলে কাম কৰে। এই দলটোৱে ভাৰতীয় সেনাৰ তত্বাৱধানত খনন কৰিবলৈ আৰম্ভ কৰিছিল।

ৰেট হোল মাইনিং দলৰ নেতৃত্বত আছিল উকিল হাছান। তেওঁ কয়, ‘আমাৰ দীঘলীয়া পানীৰ পাইপ আৰু নলা খোদিত কৰাৰ অভিজ্ঞতা আছিল। কিন্তু, মানুহৰ জীৱন ৰক্ষাৰ কামটো আগতে কেতিয়াও কৰা নাই।’ এই দলৰ আন এজন সদস্য দেৱেন্দ্ৰই কয়, ‘আমাক দেখি শ্ৰমিকসকলে বৰ আনন্দিত হৈছিল। আমি গৈ পোৱাৰ লগে লগে আমাক সাৱটি ধৰে।’

উকিল হাছানে কয়, ‘গোটেই দেশখনে আমাক চাই আছিল। আমি কাকো নিৰাশ কৰিব বিচৰা নাছিলো। এই উদ্ধাৰ অভিযানত কাম কৰাৰ বাবে আমি কোনো ধৰণৰ পাৰিশ্ৰমিক গ্ৰহণ নকৰো। আমি এই কাম দেশৰ বাবে কৰিছো।’

ৰেট হোল মাইনিং কৰ্মী মুন্না কুৰেশ্বীয়ে প্ৰথমে শ্ৰমিকৰ কাষ চাপিছিল। সমগ্ৰ দেশৰ দৃষ্টিত তেওঁ এতিয়া নায়ক। এই ২৯ বছৰীয়া শ্ৰমিকজন দিল্লীৰ বাসিন্দা। মুন্না কুৰেশ্বীয়ে কয়, ‘শেষ শিলটো আঁতৰোৱাৰ লগে লগে মই সকলোকে দেখিলোঁ। সেই ফাটটোৰ মাজেৰেই মই তেওঁলোকৰ ওচৰলৈ গ’লো৷ আমাক সাৱটি ধৰিলে। আমাক কোলাত তুলি ল’লে। তেওঁলোকে আমাক সহায় কৰিবলৈ অহাৰ বাবে ধন্যবাদ দি থাকিল। আমি যোৱা ২৪ ঘন্টা ধৰি অবিৰতভাৱে কাম কৰি আহিছো। এইটো আমি দেশৰ বাবে কৰিলোঁ। শ্ৰমিকসকলে আমাক যি সন্মান দিছিল, মই গোটেই জীৱন কেতিয়াও পাহৰিব নোৱাৰো।’