NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাক প্ৰতিৰোধ কৰিবলৈ সষ্টম মাৰ্ঘেৰিটা : স্থাপন কৰা হৈছে ৬ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ May 14, 2020 7:29 am
Quarantine-facility-in-Sarusajai-Stadium.-Image-credit-Twitter

সমগ্র দেশ তথা ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাও মহামাৰী কোভিড১৯ৰ প্ৰতিৰোধৰ বাবে সাজু হৈছে।

বৰ্তমানলৈকে তিনিচুকীয়া জিলাত এজনো কোভিড১৯ত আক্ৰান্ত লোক চিনাক্ত হোৱা নাই যদিও  জিলা প্ৰশাসন এই মহামাৰী ভাইৰাছবিধক ৰুধিবলৈ তৎপৰ হৈ উঠিছে?

জিলাখনৰ লগতে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনেও ইতিমধ্যে সষ্টম হোৱা পৰিলক্ষিত হৈছে।

ৰেইল যোগে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিব লগীয়া যাত্ৰীসকলক উভতি আহিছে।

বৰ্হিৰাজ্যৰ পৰা উভতি অহা যাত্ৰীসকলক কোৱাৰান্টেইন কৰাৰ বাবে মাৰ্ঘেৰিটাৰ স্থানীয় প্ৰশাসনে মহকুমাটোৰ বিভিন্ন টাইত কোৱাৰান্টেইন চেণ্টাৰ সাজু কৰি তুলিছে।

উপযুক্ত স্থাস্থ্য পৰীক্ষাৰ সাজু হোৱাৰ লগতে মহকুমা প্ৰশাসনে ইতিমধ্যে ৬ টাকৈ কোৰেণ্টাইন চেন্টাৰ।

মহকুমাটোৰ মাৰ্ঘেৰিটা জাগুন আৰু ডিগবৈক সামৰি তিনিটা জ’নত বিভক্ত কৰি চেণ্টাৰসমূহ স্থাপন কৰা হৈছে।

যইয়াৰে মাৰ্ঘেৰিটাৰ মাৰোৱাৰী বিবাহ ভৱন, মাৰ্ঘেৰিটা মহাবিদ্যালয়, মাৰ্ঘেৰিটা ৰাজীৱ ভৱন, গান্ধী বিদ্যা মন্দিৰ আৰু মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ উপৰি ডিগবৈ আৰু জাগুনত স্থাপন হৈছে দুটাকৈ চেন্টাৰ।