NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ববাসীৰ গভীৰ প্ৰত্যাশাত মোক্ষম আঘাত : অক্সফোৰ্ডৰ ভেকচিন লৈ অসুস্থ স্বেচ্ছাসেৱক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 2:35 pm
COVID19-positive-1140x570

ক’ৰ’ণাৰ সন্ত্ৰাসত ত্ৰস্তমান বিশ্ববাসীৰ গভীৰ প্ৰত্যাশাত মোক্ষম আঘাত। অক্সফোৰ্ডৰ কোভিডশ্বীল্ড নামৰ ভেকচিনটোৰ তৃতীয় পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েলত ঘটিছে অঘটন।

ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েল সফলতাৰে সম্পন্ন হৈ যোৱাৰ পিছত ভেকচিনটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে বিশ্বৰ বিভিন্ন দেশত।

কিন্তু এই ট্ৰায়েলত ভেকচিন পৰীক্ষণ কৰা স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখুওৱাৰ ফলত অসুস্থ হৈ পৰিছে স্বেচ্ছাসেৱক। ইয়াৰ লগে লগে ভেকচিনটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

অৱশ্যে এই পাৰ্শ্বক্ৰিয়া কিয় আৰম্ভ হৈছে সেয়া জানিব পৰা হোৱা নাই।

মংগলবাৰে নিশা ভেকচিন প্ৰস্তুতকাৰী অন্যতম প্ৰতিষ্ঠান আষ্ট্ৰ’জেনেকাৰে জানবিলৈ দিয়ে যে তৃতীয় পৰ্যায়ৰ ট্ৰায়েল কৰা এজন স্বেচ্ছাসেৱক হঠাতে অসুস্থ হৈ পৰাত ভেকচিনটোৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ ৰখা হৈছে।

জানিব পৰা মতে ভেকচিনটো স্বেচ্ছাসেৱকজনৰ শৰীৰত প্ৰয়োগ কৰাৰ পিছতে অতিৰিক্তভাৱে জ্বৰত আক্ৰান্ত হৈছে।

উল্লেখ্য যে ভেকচিন ট্ৰায়েলত কোনো স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’লে ভেকচিনটোৰ ট্ৰায়েল সমায়িকভাৱে বন্ধ কৰি দিয়া হয়।

সেয়ে অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ কৰি সংস্থাটোৰ ৰিভিউ কমিটিত ভেকচিনটোৰ ক্ষতিকৰ প্ৰভাৱ আছে নেকি তাক পুনৰবাৰ পৰীক্ষা কৰিব।

ৰিভিউ কমিটিয়ে পৰীক্ষাৰ কৰি ট্ৰায়েলৰ বাবে অনুমতি দিয়াৰ পিছতহে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল পুনৰ আৰম্ভ কৰা হ’ব ভেকচিনটোৰ।

ইফালে প্ৰস্তুতকাৰী সংস্থাৰ মতে কেতিয়াবা দুৰ্ঘটনাৱশতঃ স্বেচ্ছাসেৱক এইদৰে অসুস্থ হৈ পৰিব পাৰে।

উল্লেখ্য যে, অক্সফোৰ্ডৰ এই ভেকচনিটো ক’ৰ’ণা প্ৰতিৰোধৰ সকলোতকৈ নিৰাপদ আৰু উপযোগী বুলি দাবী কৰা হৈছিল।

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ সফলতাৰ পিছত বিশ্বৰ বিভিন্ন দেশত ভেকচিনটোৰ তৃতীয়া পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে। কেৱল আমেৰিকাতেই এই ভেকচিনটো ৩০ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত পৰীক্ষা কৰাৰ কথা।

আনহাতে চেৰাম ইন্সটিটিউট অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত ভাৰতত এই ভেকচিনটো দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে।

কিন্তু এজন স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বক্ৰিয়া সৃষ্টি হোৱাৰ পিছত ভাৰততো ভেকচিনটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সমায়িকভাৱে বন্ধ ৰখা হৈছে।