NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটত দীৰ্ঘদিন আবদ্ধ মাজুলীৰ যুৱকৰ মুখ্য মন্ত্ৰী সোণোৱাললৈ বিশেষ আহ্বান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 14, 2020 5:48 pm

গুজৰাটত আবদ্ধ হৈ আছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ কেইজনমান যুৱক।

তেওঁলোকৰ লগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ নগাঁও, গুৱাহাটী, চয়গাঁও আৰু বাক্সাৰ যুৱক আবদ্ধ হৈ আছে গুজৰাটত।

গুজৰাটৰ চুৰত জিলাত এটা বস্ত্ৰ উদ্যোগত কৰ্মৰত আছিল যুৱককেইজন। লকডাউনৰ ফলত বৰ্তমানো আৰম্ভ হোৱা নাই বস্ত্ৰ উদ্যোগটোৰ কাম।

ফলত ৰাজু শইকীয়া, জিতুল শইকীয়া, জয়ন্ত শইকীয়া,  মহানন্দ কলিতা, পাপু শইকীয়া, মহেন্দ্ৰ বেজ আৰু দেৱজিত বড়ো নামৰ এই যুৱককেইজন বৰ্তমান কৰ্ম সংস্থাপনহীন।

অসমলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিও তেওঁলোক বাৰেপতি বিফল হৈছে।

সেয়ে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি যুৱককেইজনে বিশেষভাৱে অনুৰোধ জনাইছে।

“মুখ্য মন্ত্ৰী মহোদয়, আমি আপোনাৰ সমষ্টিৰ আমাক ঘূৰাই নিয়াৰ ব্যৱস্থা কৰক। আমি বহু অসহায় হৈছো।” নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওত এইদৰে কয় মাজুলীৰ যুৱক জিতুল শইকীয়াই।

ইপিনে, শইকীয়াই কৰা অভিযোগ মতে, যুৱক কেইজনৰ মাজৰ বহুকেইজনে বৰ্তমানলৈকে লাভ কৰা নাই অসম কেয়াৰ আঁচনিৰ অধীনৰ দুহেজাৰ টকাৰ সাহায্য।

ইয়াৰোপৰি, গুজৰাট চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই বুলি তেওঁলোকে কয়।

যাৰ ফলত চলা ফুৰা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আবদ্ধ হৈ থকা যুৱককেইজন।