NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰত ৩১ মে’লৈকে বৃদ্ধি লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 12:03 am
Lockdown upsets Barpeta's firecracker industry

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত লকডাউন ৩১ মে’লৈকে বৃদ্ধি কৰিছে, বাতৰিত প্ৰকাশ।

মুখ্য মন্ত্ৰী উদ্ধৱ থেকাৰেৰ অধ্যক্ষতাত জ্যেষ্ঠ মন্ত্ৰীসকলৰ উপস্থিতিত এক বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

খবৰ মতে, ক’ভিড-১৯ মহামাৰীত দেশৰ ভিতৰত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত ৰাজ্যখনত ৰেড জ’ন আৰু কণ্টেইনমেণ্ট জ’নসমূহত কঠোৰভাৱে লকডাউন বলৱৎ হ’ব।

বিপৰীতে অৰেঞ্জ আৰু গ্ৰীন জ’নসমূহত অৰ্থনৈতিক কাৰ্য্যকলাপ চলিব পৰাকৈ কিছু শিথিলতা প্ৰদান কৰা হ’ব।

ইফালে চৰকাৰী হিচাপমতে ৰাজ্যখনত বৃহস্পতিবাৰলৈকে ২৫,৯২২ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ইয়াৰে ৫৫৪৭ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৯৭৫ গৰাকীৰ মৃত্যু হৈছে।

দেশত বৃহস্পতিবাৰে ৪৯,২১৯ গৰাকী সক্ৰিয় ক’ভিড-১৯ আক্ৰান্ত ৰোগী আছে।

ইতিমধ্যে ২৬,২৩৪ গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে আৰু ২৫৪৯ গৰাকীৰ মৃত্যু হৈছে।