NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ ‍‘এনিমেল কিপাৰ’ প্ৰশান্ত দাসৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 15, 2020 12:40 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ এনিমেল কিপাৰ প্ৰশান্ত দাসৰ আজি পুৱা নিজা বাসগৃহত ম়ৃত্যু হয়।

পানবাৰী আদৰ্শ গাঁৱৰ বাসিন্দা প্ৰশান্ত দাস বিগত সময়চোৱাত ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

বন্যপ্ৰাণীৰ প্ৰতি প্ৰশান্ত দাসৰ আছিল অহেতুক প্ৰেম। হাতী পোৱালীৰ পৰিচৰ্যাৰ বাবে সুখ্যাতি অৰ্জন কৰা প্ৰশান্ত দাসে পানবাৰীৰ কেন্দ্ৰত শ্ৰেষ্ঠ এনিমেল কিপাৰ হিচাবে পুৰস্কৃতও হৈছিল।

প্ৰশান্ত দাস কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত আছিল। ২০০৩ চনতে কেন্দ্ৰটোত যোগদান কৰি প্ৰশান্ত দাসে জ্যেষ্ঠ এনিমেল কিপাৰ হিচাপে পদোন্নতিও লাভ কৰিছিল।

পানবাৰী আদৰ্শ গাঁৱৰ জোৱাই হিচাপে প্ৰশান্ত গাঁও আৰু কেন্দ্ৰৰ সতীৰ্থৰ মাজত ভিনি অৰ্থাৎ ভিনিদেউ হিচাবে জনপ্ৰিয় আছিল।

বন্যপ্ৰাণী প্ৰতিপালনৰ উপৰি প্ৰাশন্ত দাস বাঁহৰ কামত অতি পাকৈত আছিল।

আজি পুৱতিনিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰা প্ৰশান্তই মৃত্যুৰ সময়ত পত্নী বুলদৈ দাস আৰু একমাত্ৰ পুত্ৰ নৱজ্যোতি দাসক এৰি থৈ যায়।

পানবাৰী আদৰ্শ গাঁৱৰ জোৱাই আৰু পানবাৰী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ এনিমেল কিপাৰ প্ৰশান্ত দাসৰ মৃত্যুত গাঁওখনৰ লগতে কেন্দ্ৰটোতো শোকৰ ছাঁ পৰে।