NORTHEAST NOW (Assamese)
অসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ ঘটনা: তদন্ত বিচাৰি পত্নীয়ে দাখিল কৰিলে এজাহাৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য May 16, 2020 7:39 am
AAU-750x375

যোৱা মঙলবাৰে আত্মহত্যা কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীৰ পত্নীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ তদন্ত বিচাৰি শুকুৰবাৰে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

এই সন্দৰ্ভত যোৰহাট আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৬ (আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা)ৰ অধীনত এটা গোচৰ (৮৯৯/২০২০নং)ৰুজু কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ অধ্যাপক অভিজিৎ শৰ্মাক মঙলবাৰে ৰাতিপুৱা তেওঁ কাম কৰি থকা এগ্ৰ’নমি বিভাগৰ তেওঁৰ কাৰ্যালয় কক্ষত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

জানিব পৰা মতে, ইয়াৰ এদিন পূৰ্বে তেওঁক তিতাবৰৰ ৰিজ’নেল এগ্ৰিকালচাৰেল ৰিচাৰ্ছ ষ্টেশ্যনলৈ বদলি কৰা হৈছিল।

অধ্যাপকগৰাকীয়ে এটা আত্মহত্যাৰ টোকাও এৰি যোৱা বুলি জানিব পৰা গৈছে য’ত তেওঁ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ আনিছে।

অধ্যাপকগৰাকীৰ পত্নীয়ে তেওঁৰ এজাহাৰখনত উল্লেখ কৰিছে যে তেওঁৰ স্বামীয়ে  কাৰোবাৰ হেচাত পৰিয়েই আত্মহনন কৰিছে। অৱশ্যে, তেওঁ কাৰো নাম ইয়াত উল্লেখ কৰা নাই।

লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে তেওঁলোকে বিষয়টো তদন্ত কৰিব।