NORTHEAST NOW (Assamese)
Popular Stories

‍‘৭০ বছৰে ভিক্ষা খুজি আছে পাকিস্তানে’, আফ্ৰিদীক প্ৰত্যুত্তৰ গৌতম গম্ভীৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2020 6:57 pm
Gautam-Gambhir-Facts-in-Hin

আপত্তিজনক মন্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি থকা পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা এটা মন্তব্যই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি প্ৰধান মন্ত্ৰী মোদীৰ মন মগজুত ক’ৰ’নাতকৈও ভয়াবহ বেমাৰ আছে আৰু সেয়া ধৰ্মৰ বেমাৰ বুলি মন্তব্য কৰে।

এই মন্তব্যৰ পিছতেই আফ্ৰিদীক উভতি ধৰিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰ আৰু হৰভজন সিঙে।

আফ্ৰিদীৰ মন্তব্যৰ প্ৰত্যুত্তৰত গম্ভীৰে কয় যে আফ্ৰিদী, ইমৰাণ খান আৰু ৱাজবাৰ দৰে বিদ্ৰূপকাৰী(জ’কাৰ)এ পাকিস্তানৰ লোকসকলক মূৰ্খ বনোৱাৰ বাবে কাশ্মীৰৰ প্ৰসংগ টানি আনি ভাৰত আৰু আমাৰ প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰি আহিছে।

গম্ভীৰে লগতে কয় যে ছাহিদ আফ্ৰিদীৰ দৰে ১৬ বছৰীয়া এজন লোকে কয় যে পাকিস্তানৰ ৭ লাখ সেনাৰ পিছত ২০ কোটি জনতা আছে, তথাপিও ৭০ বছৰ ধৰি কাশ্মীৰৰ বাবে ভিক্ষা খুজি আছে।

ইয়াৰ উপৰি গম্ভীৰে আফ্ৰিদীক বাংলাদেশ মনত আছে নে বুলিও প্ৰশ্ন কৰে।

ইফালে হৰভজন সিঙে ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাতত কয় যে ছাহিদ আফ্ৰিদীয়ে আমাৰ দেশ আৰু প্ৰধান মন্ত্ৰীক লৈ কৰা মন্তব্য গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত আফ্ৰিদীয়ে সীমা অতিক্ৰম কৰা বুলিও হৰভজনে মন্তব্য কৰে।