NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত পুনৰ দুজন ক’ভিড-১৯ পজিটিভ; ১০২লৈ বৃদ্ধি পালে আক্ৰান্ত সংখ্যা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 18, 2020 11:56 am

অসমত আজি পুনৰ দুজন ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।

ব্যক্তি দুজনৰ এজন যোৰহাটৰ আৰু আনজনৰ ঘৰ নগাঁৱত। টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এই কথা জনায়।

ইয়াকে লৈ অসমত এতিয়া ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পাইছে।

আজি চিনাক্ত হোৱা যুৱক দুগৰাকী হৈছে নগাঁও ছোতৰূপহীৰ আজিজুল ৰহমান (২০) আৰু যোৰহাট তিতাবৰৰ সুদিপ বুঢ়াগোঁহাই (২০)।

ইয়াৰ পূৰ্বে দেওবাৰৰ সন্ধিয়ালৈকে অসমত ১০০জন ব্যক্তিৰ দেহত কোভিড-১৯ ধৰা পৰিছিল।

দেওবাৰে  সন্ধিয়া গুৱাহাটীত তিনিজন ব্যক্তিৰ ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল। তিনিওগৰাকীকে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ভৰ্তি কৰোৱা হয়।

ইয়াৰ উপৰি দিল্লীৰ পৰা কিছুদিন পূৰ্বে যোৰহাটলৈ উভতি অহা এটি শিশুৰ শৰীৰতো ক’ৰ’না ভাইৰাছ ধৰা পৰে, শিশুটিক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটালত চিকিৎসা কৰি থকা হৈছে।

অসমত ক’ভিড-১৯ আক্ৰান্ত দুগৰাকীৰ মৃত্যু আৰু দুজন স্থানান্তৰিত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৪১ গৰাকীয়ে। চিকিৎসাধীন হৈ আছে মুঠ ৫৭জন ব্যক্তি।