NORTHEAST NOW (Assamese)
অসম

চীনৰ পৰা সামৰিলে ব্যৱসায়; ভাৰতত ৮০০ কোটি টকাৰ বিনিয়োগ কৰিব LAVAই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 12:15 pm
lavas

চীনক বিদায় জনাই ভাৰতত নতুন কৰি ব্যৱসায় আৰম্ভ কৰাৰ বাবে সাজু হৈছে  LAVA ইন্টাৰনেশ্যনেলে।

কোম্পানীটোৱে মোবাইল তৈয়াৰ কৰা আৰু ইয়াৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৮০০ কোটি টকা বিনিয়োগ কৰিব।

দেশৰ এই কোম্পানীটোৱে বিভিন্ন দেশৰ লগতে চীনতো শাখা খুলিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পাছত কোম্পানীটোৱে চীনত থকা নিজৰ ব্যৱসায় সামৰাৰ সিদ্ধান্ত লৈছে।

কোম্পানীটোৰ অধ্যক্ষ হৰি ওম ৰাইয়ে কয় যে চীনত তেওঁলোকৰ প্ৰডাক্ট ডিজাইনৰ বাবে ৬০০ৰপৰা ৬৫০জন কৰ্মী কাম কৰি আছে। এতিয়া ডিজাইনিঙৰ কাম ভাৰতলৈ স্থানান্তৰিত কৰা হ’ব।

তদুপৰি, চীনৰ পৰা বিভিন্ন দেশলৈ মোবাইল ৰপ্তানি কৰি অহা কামটো এতিয়াৰে পৰা ভাৰতৰ পৰাই কৰা হ’ব।

লাভাই ইয়াৰ সমস্ত কামকাজ ভাৰতৰ পৰাই পৰিচালিত কৰিবলৈ আগ্ৰহী। ইয়াৰ বাবে তেওঁলোকে বৃহৎ পৰিমানৰ ধন বিনিয়োগো কৰিছে।

অহা পাঁচ বছৰত কোম্পানীটোৱে মুঠতে ৮০০ কোটি টকাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

কোম্পানীটোৰ অধ্যক্ষৰ মতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ব্যৱস্থাসমূহৰ আওতাত ভাৰতত ব্যৱসায় কৰিলেই তেওঁলোক উপকৃত হ’ব।

উল্লেখ্য যে ইতিমধ্যে চীনৰ পৰা বহু কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায় তথা প্ৰকল্প সামৰি ভাৰতলৈ অহাৰ বাবে প্ৰস্তুত হৈছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে যোগাযোগো কৰিছে।