NORTHEAST NOW (Assamese)
Popular Stories

নতুন উচ্চতাত টাটা, ইচ্ছা কৰিলে গোটেই পাকিস্তানখনকে কিনি ল’ব পাৰে! কিয় এই তুলনা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2024 9:35 am

টাটা গ্ৰুপে পাকিস্তানৰ অৰ্থনীতিৰ বজাৰ মূল্য অতিক্ৰম কৰিলে! নিমখৰ পৰা আৰম্ভ কৰি চফ্টৱেৰলৈকে টাটা গ্ৰুপৰ ব্যৱসায় বহু ক্ষেত্ৰত বিয়পি আছে। এই উদ্যোগ গোটৰ অন্তৰ্গত কোম্পানীসমূহে যোৱা এবছৰত শ্বেয়াৰ বজাৰত যথেষ্ট লাভ কৰিছে। ফলত টাটা গোটৰ কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য এতিয়া প্ৰায় ৩০.৩ লাখ কোটি টকা অৰ্থাৎ ৩৬৫ বিলিয়ন মাৰ্কিন ডলাৰ বুলি দ্য ইকনমিক টাইমছত প্ৰকাশ পাইছে।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ অনুমান অনুসৰি ২০২৩-২৪ চনত পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্ৰায় ৩৪১ বিলিয়ন মাৰ্কিন ডলাৰ। অৰ্থাৎ শ্বেয়াৰ বজাৰত তালিকাভুক্ত টাটা গ্ৰুপৰ কোম্পানীসমূহৰ সংযুক্ত বজাৰ মূল্য এতিয়া পাকিস্তানৰ সামগ্ৰিক অৰ্থনীতিতকৈ অধিক।

কিছুদিন পূৰ্বে টাটা গ্ৰুপে ৩০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা প্ৰথমটো ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল।

লগতে পঢ়কঃ চণ্ডীগড় মেয়ৰ নিৰ্বাচনত হৰ্ছ ট্ৰেডিং! নিৰ্বাচনী বিষয়াগৰাকীক কাঠগড়াত তুলিলে উচ্চতম ন্যায়ালয়ে

টাটা গ্ৰুপৰ কোম্পানীসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ কোম্পানীটো হৈছে টাটা কনছালটেন্সি চাৰ্ভিচেছ বা টিচিএছ। এই কোম্পানীটোৰ বজাৰ মূল্য বৰ্তমান প্ৰায় ১৫ লাখ কোটি টকা বা ১৭০ বিলিয়ন ডলাৰ। অৰ্থাৎ কেৱল টিচিএছৰ বজাৰ মূল্য পাকিস্তানৰ অৰ্থনীতিৰ আধা।

ইয়াৰ উপৰিও টাটা মটৰ্ছ আৰু ট্ৰেণ্টে টাটা গ্ৰুপৰ সামগ্ৰিক বজাৰ মূল্য বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে। এবছৰত টাটা মটৰ্ছৰ শ্বেয়াৰৰ মূল্য ১১০ শতাংশ বৃদ্ধি পাইছে। ট্ৰেণ্টৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পইছে ২০০ শতাংশ। ইয়াৰ উপৰিও যোৱা বছৰ শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰা টাটা টেকন’লজিছ, টি আৰ এফ, বেনাৰস হোটেল, টাটা ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যন, টাটা মটৰছ, অটোম’বাইল কৰ্প’ৰেচন অৱ গোৱা আৰু আৰ্টছন ইঞ্জিনিয়াৰিঙৰ অৱস্থাও ভাল।

দৰাচলতে টাটা গ্ৰুপৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ২৫টা কোম্পানীৰ ভিতৰত মাত্ৰ এটা কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। সেয়া হ’ল টাটা কেমিকেলছ। তাকো মাত্ৰ পাঁচ শতাংশ। ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হোৱাৰ উপৰিও টাটা গ্ৰুপৰ অধীনত টাটা ছন্স, টাটা কেপিটেল, টাটা প্লে, টাটা এডভান্সড চিষ্টেমছ, এয়াৰ ইণ্ডিয়া, ভিষ্টাৰ আদি কেইবাটাও কোম্পানী আছে।

লগতে পঢ়কঃকৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

এইবোৰৰ বজাৰ মূল্য যোগ কৰিলে টাটা গোটৰ সামগ্ৰিক বজাৰ মূল্য আৰু ১৬০-১৭০ বিলিয়ন ডলাৰ বেছি হ’ব পাৰে। টাটা কেপিটেলৰ কথাই চাওক। অহা বছৰ টাটা গ্ৰুপে কোম্পানীটোক ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰাৰ পৰিকল্পনা কৰিছে। শ্বেয়াৰ বজাৰৰ বাহিৰত কোম্পানীটোৰ বজাৰ মূল্য ২.৭ লাখ কোটি টকাৰ ওপৰত।

আনহাতে, পাকিস্তানে বিগত কেইবছৰমানৰ পৰা ধাৰাবাহিকভাৱে আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ আহিছে। তেওঁলোকৰ ঋণৰ বোজা ১২৫ বিলিয়ন ডলাৰ। অহা মাহত ৩ বিলিয়ন ডলাৰৰ আই এম এফৰ বেইলআউটৰ অন্ত পৰিব। তেওঁলোকৰ বৈদেশিক মুদ্ৰাৰ মজুত বৰ্তমান মাত্ৰ ৮ বিলিয়ন ডলাৰ।

লগতে পঢ়কঃ মঙল গ্ৰহলৈ যাব ভাৰতৰ ড্ৰ’ন : পৰিকল্পনা ইছৰোৰ 

এই অৰ্থত পাকিস্তানে মাত্ৰ দুমাহৰ বাবে তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিব পাৰিব। ঋণ আৰু উৎপাদনৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বাঢ়িছে। ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি ভাৰতত দেখা যায়। ভাৰতৰ জিডিপি পাকিস্তানৰ তুলনাত প্ৰায় ১১ গুণ বেছি, ৩.৭ ট্ৰিলিয়ন ডলাৰ। বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ পৰা বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে ভাৰত।