NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

অভিনেতা গোবিন্দাৰ পৰ্বতসম অহংকাৰ : বিস্ফোৰক দাবী ভুক্তভোগী সহঅভিনেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2025 12:57 pm

ভাৰতীয় চিনেমাৰ এক জনপ্ৰিয় নাম গোবিন্দা। যদিও আজিকালি তেওঁক বলীউডত সঘনাই দেখিবলৈ পোৱা নাযায় তথাপি তেওঁ এক দীৰ্ঘ সময় ধৰি বলীউডত ৰাজত্ব কৰি থৈছে। ভালে মান ব্লাষ্টাৰ চিনেমাত অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল অভিনেতা গোবিন্দা।  নৃত্য, অভিনয়, কমেডী, একচন আদিৰ ক্ষেত্ৰত তেওঁক চেৰ পেলাব পৰা অভিনেতা খুব কম আছিল। বহু বছৰ ধৰি কেৰিয়াৰৰ শিখৰত থকা নায়কজন লাহে লাহে চিনেমাৰ জগতখনৰ পৰা ম্লান হৈ পৰিল।

এইবাৰ গোবিন্দাক আক্ৰমণ কৰিছে তেওঁৰ একালৰ সহ অভিনেতা আদি ইৰাণীয়ে। আদিৰ সৈতে কেইবাখনো ছবিত কাম কৰিছে গোবিন্দাই। গোবিন্দাৰ উপৰিও আদিয়ে শ্বাহৰুখ খান আৰু ছলমান খান অভিনীত কেইবাখনো ছবিত কাম কৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত আদিয়ে কয় যে তেওঁ প্ৰথমতে গোবিন্দাক পতিয়ন নিয়াব পৰা নাছিল যে তেওঁ ‘টাইগাৰ তাৰিপাৰ’ নামৰ খলনায়কৰ চৰিত্ৰটোৰ বাবেহে উপযুক্ত হ’ব। তেওঁৰ প্ৰভাৱ ব্যৱহাৰ কৰি ‘হিৰো নম্বৰ ৱান’ত আদিৰ লগত আৰু দুজন খলনায়ক সংযোজন কৰাৰ নিৰ্দেশ দিলে। কিন্তু অৱশেষত আদিৰ ৰূপ দেখি গোবিন্দই আশ্বস্ত হৈ পৰিল। কেৱল এয়াই নহয়, গোবিন্দই নিজৰ ইচ্ছামতে শ্বুটিং চেটত আন বিভিন্ন কাম কৰিছিল।

আদিৰ ভাষাত “চিত্ৰনাট্যত যিয়েই লিখা নাথাকক কিয়, গোবিন্দই নিজৰ ইচ্ছামতে সকলো সলনি কৰি দিছিল। তেওঁ এনেদৰে সলনি কৰিছিল যে চিত্ৰনাট্যৰ যিকোনো দৃশ্যতে যাতে গোবিন্দাক বাকীবোৰৰ তুলনাত ভাল দেখা যায়

আদিয়ে লগতে কয় “গোবিন্দা আৰু মই একে সময়তে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিছিলো। সেই সময়ত আমি মাত্ৰ উদ্যোগটোত কাম কৰিবলৈ আৰম্ভ কৰিছিলো আৰু তেওঁ প্ৰযোজকৰ সৈতে ঘৰে ঘৰে গৈছিলোঁ। সেই সময়ত আমি বন্ধুসকলে হাঁহিছিলো আৰু গোবিন্দাৰ নৃত্যৰ খোজক লৈ ঠাট্টা কৰিছিলো। পিছত দেখিলোঁ যে সেই নৃত্যৰ খোজত সমগ্ৰ দেশ মুগ্ধ হৈ পৰিছিল।”