NORTHEAST NOW (Assamese)
Popular Stories

পি এম কিষাণ নিধি আঁচনিৰ বিসংগতি সন্দৰ্ভত তদন্ত ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 5:45 pm
WhatsApp Image 2020-05-15 at 1.13.54 PM

ৰাজ্যৰ সৰ্বত্ৰে পি এম কিষাণ নিধি আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ বিষয়াটো তদন্ত কৰাৰ নিৰ্দেশ দিছে।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুতৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি এমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিয়ে।

পি এম কিষাণ নিধিৰ তালিকাৰ শুদ্ধতা, হিতাধিকাৰীৰ যোগ্যতাৰ শুদ্ধতা, বেংক একাউণ্টৰ বিৱৰণৰ গ্ৰহণযোগ্যতা ইত্যাদি বিষয়সমূহ পুনৰীক্ষণ কৰাৰ বাবেও জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

ইয়াৰ উপৰি উপায়ুক্ত সকলক চক্ৰ বিষয়া, লাট মণ্ডল, গাঁওবুঢ়া ইত্যাদিৰ জৰিয়তে তালিকাৰ পুনৰীক্ষণৰ লগতে শুদ্ধ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত নোহোৱা পৰ্যন্ত আগলৈ আঁচনিৰ ধন মোকলাই নিদিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পি এম কিষাণ নিধি আঁচনিৰ নামত প্ৰকৃত কৃষকক বঞ্চিত কৰি অকৃষক আৰু শাসকীয় বিজেপি দলৰ নেতা-পালিনেতাই আৰ্থিক সাহায্য লাভ কৰাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।