মৃত মানুহৰ ক’ৰ’না পৰীক্ষা নকৰিব : চিকিৎসালয়লৈ দিল্লী চৰকাৰৰ নিৰ্দেশ

মৃত ৰোগীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰিব নালাগে বুলি চিকিৎসালয় সমূহক দিল্লী চৰকাৰে নিৰ্দেশ দিছে।
দিল্লী চৰকাৰে নিৰ্দেশনাত যদিহে চিকিৎসক সকলে পৰীক্ষা কৰাৰ পূৰ্বে ৰোগী গৰাকী ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে বুলি নিশ্চিত হয় তেন্তে মৃতদেহটো ক’ৰ’না সন্দেহজনক বুলি মুকলি কৰি দিব লাগে বুলি উল্লেখ কৰিছে।
ক’ৰ’না টেষ্টিং কিট অনাৱশ্যকীয়ভাৱে খৰছ নকৰাৰ বাবেই দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ল’কডাউন ৪.০-ৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সংবাদমেল সম্বোধন কৰি ৩১ মে’লৈ চলিবলগীয়া এই ল’কডাউনৰ সময়ত দিল্লীৰ সকলো বজাৰ খুলিব কিন্তু বজাৰৰ ভিতৰৰ দোকানবোৰ যুগ্ম-অযুগ্ম হিচাপতহে খুলিব পাৰিব বুলি কয়।
তদুপৰি, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰেতা দোকান সমূহ প্ৰতিদিনে খুলিব পাৰিব বুলিও সংবাদমেলত কেজৰিৱালে কয়।