NORTHEAST NOW (Assamese)
Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ৰ অৰ্ণৱ গোস্বামীলৈ পুনৰ সকাহ : চি বি আইলৈ হস্তান্তৰ কৰিব নোৱাৰিব গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2020 3:12 pm
1525684560_7pXvub_FEATURE-960x540

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক পুনৰ সকাহ প্ৰদান কৰিলে।

অৰ্ণৱ গোস্বামীৰ গোচৰটোক মুম্বাইৰ আৰক্ষীৰ পৰা কেন্দ্ৰীয় অসন্ধানকাৰী সংস্থা চি বি আইলৈ হস্তান্তকৰণৰত বাধা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ইতিমধ্যে  দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা আৰু মৰ্যাদা হানিকৰ মন্তব্য কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰহুড আৰু এম আৰ শ্বাহ যুটীয়া বেঞ্চে দেশৰ বিভিন্ন স্থানত একেটা অভিযোগত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰসমূহ খাৰিজ কৰিছে।

পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সন্দৰ্ভত নিজৰ টক শ্ব’ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে মৰ্যাদা হানিকৰ মন্তব্য কৰাৰ বিৰুদ্ধে কংগ্ৰেছ দলে দেশৰ বিভিন্ন স্থানত গোস্বামীৰ বিৰুদ্ধে বহু সংখ্যক এজাহাৰ দাখিল কৰিছিল।

ক’ৰ্টে এই সংক্ৰান্তত আৰু কোনো নতুন এজাহাৰ দাখিল কৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিয়ে।

এই সম্পৰ্কীয় কেৱল নাগপুৰ আৰক্ষীয়ে ৰুজু কৰা প্ৰথমটো গোচৰহে আৰক্ষীয়ে তদন্ত কৰিব পাৰিব।

ইফালে ইতিপূৰ্বে তিনি সপ্তাহৰ বাবে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি দিয়া নিৰ্দেশনাটোৰ ম্যাদ বৃদ্ধি কৰিছে শীৰ্ষ আদালতখনে।

ফলত মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক এতিয়া গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।

বৰং মুম্বাই আৰক্ষীক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈহে নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।