NORTHEAST NOW (Assamese)
Popular Stories

শ্ৰীনগৰত নিহত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদ্দীনৰ কামাণ্ডাৰ জুনাইদ চেহ্ৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2020 3:10 pm
WhatsApp-Image-2020-05-19-at-8.39.56-PM-696x392

কাশ্মীৰৰ শ্ৰীনগৰত আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত নিৰাপত্তা বাহিনীৰ যুটীয়া এক অভিযানত নিহত হৈছে হিজবুল মুজাহিদ্দীনৰ কামাণ্ডাৰ জুনাইদ চেহ্ৰাইনসহ অন্য এক সন্ত্ৰাসবাদী।

শ্ৰীনগৰৰ নাৱাকডল অঞ্চলত যোৱা মঙলবাৰে ১২ ঘণ্টা জোৰা দুয়ো পক্ষৰ গুলীয়া গুলীত নিহত হৈছে মুজাহিদ্দীনৰ শীৰ্ষ নেতাজনৰ সৈতে তাৰিক শ্বেইখ নামৰ অন্য এক সন্ত্ৰাসবাদী।

উল্লেখ্য যে, দুসপ্তাহৰ পূৰ্বেও আৰক্ষী আৰু চি আৰ পিৰ যুটীয়া অভিযানত হিজবুল মুজাহিদ্দীনৰ মুখ্য অভিযানকাৰী কামাণ্ডাৰ ৰিয়াজ নাইক’ নিহত হৈছিল।

মঙলবাৰে সংঘৰ্ষত নিহত জুনাইদ হৈছে টেহৰিক হুৰিয়াৎৰ অধ্যক্ষ আশ্ৰফ চেহ্ৰাইৰ পুত্ৰ।

২০১৮ চনত জুনাইদে প্ৰাক্তন কামাণ্ডাৰ জাকিৰ মুছাৰ নেতৃত্বত হিজবুল মুজাহিদ্দীনত যোগ দিছিল।

বিশেষ সূত্ৰৰ মতে জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে বিগত কেবাটাও সপ্তাহৰ পৰা জুনাইদক অনুসৰণ কৰি আছিল।

‘দুদিন পূৰ্বে দক্ষিণ শ্ৰীনগৰত এটা সন্দেহজনক মোবাইল নম্বৰ সক্ৰিয় হৈছিল। এইটো সন্ত্ৰাসবাদী গোটৰ আৰু তেওঁলোক শ্ৰীনগৰত লগ হ’বলৈ আহিছিল। আমাৰ ধাৰণা যে তেওঁলোকে শ্ৰীনগৰত আক্ৰমণ সংঘটিত কৰিবলৈ অহা নাছিল। সেয়ে আমি তেওঁলোকৰ পৰা মাত্ৰ দুটাহে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষণ হ’লো।’ আৰক্ষী সূত্ৰই এইদৰে কয়।

এই অভিযানত এজন আৰক্ষী বিষয়া আহত হোৱাৰ লগতে চি আৰ পি এফৰ এজন জোৱানো আহত হৈছে ।