NORTHEAST NOW (Assamese)
Popular Stories

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসাললয়ৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 21, 2020 6:51 am
index

মহানগৰীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ কোভিড টেষ্ট লেবৰটেৰীৰ এগৰাকীৰ টেকনিছিয়ানৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে MMCHৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে।

তেওঁ প্ৰকাশ কৰা অনুসৰি কিছুদিন ধৰি জ্বৰত ভুগি আছিল চিকিৎসাকৰ্মী গৰাকী।

জ্বৰত ভুগি থকাৰ বাবে তেওঁ যোৱা ৪-৫ দিন ধৰি কোনো লোকৰ স্বাৱ টেষ্টৰ পৰা বিৰত আছিল।

অৱশ্যে তেওঁৰ স্বাস্থ্য নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে যদিও সহকৰ্মী সকলোৰে নিগেটিভ অহা বুলি সংবাদ মাধ্যমক অধীক্ষক ৰাজবংশীয়ে।

পজিটিভ অহাৰ লগে লগে তেওঁক কোভিড কক্ষত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

অৱশ্যে বৰ্তমানলৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে টেকনিছিয়ানজনৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।

এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে টেকনিছিয়ানজনৰ নাম তিলক ডেকা(নুনমাটি)।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে ৰাজ্যত ১৮৮ গৰাকীৰ দেহত কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

তাৰে ১৩৩ গৰাকী চিকিৎসাধীন, ৪৮ গৰাকী চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰাৰ লগতে ৪ গৰাকী  আক্ৰান্তৰ মৃত্যু হৈছে।